শীঘ্ৰে ৰূপালী পৰ্দাত দেখা যাব দীপালি বৰঠাকুৰ আৰু নীলপৱন বৰুৱাৰ অমৰ প্ৰেম কাহিনী

Dipali-Nilpaban-1

ফাইল ফটো

প্ৰসিদ্ধ চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু সুকণ্ঠী শিল্পী দীপালি বৰঠাকুৰৰ প্ৰেম কাহিনীক দেখা যাব ৰূপালী পৰ্দাত।

প্ৰণিধানযোগ্য যে নীলপৱন বৰুৱা আৰু দীপালি বৰঠাকুৰৰ প্ৰেম কাহিনী অসমত অমৰ প্ৰেম কাহিনীৰূপে স্বীকৃত।

জীৱনৰ দীৰ্ঘকাল ৰোগত ভুগি শয্যাগত হৈ জীৱন পাৰ কৰা দীপালি বৰঠাকুৰৰ আজি এবছৰ পূৰ্বে পৰলোকপ্ৰাপ্তি ঘটিছিল।

গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত দীপালি বৰঠাকুৰ আৰু নীলপৱন বৰুৱাৰ প্ৰেম কাহিনীক লৈ চলচ্চিত্ৰ নিৰ্মাণ কৰা হ’ব বুলি জানিবলৈ দিছে ছবি প্ৰযোজকত্ৰয়ে।

ছবিখনৰ বাবে এটা বিশেষ দলে তেওঁলোকৰ প্ৰেম কাহিনীক গবেষণা কৰি আছে বুলিও জানিবলৈ দিয়ে৷

ইতিমধ্যে চিনেমা নিৰ্মাণৰ বাবে নীলপৱন বৰুৱাৰ পৰা অনুমতি লোৱা হৈছে৷

ছবিখনৰ প্ৰযেজনাৰ দায়িত্ব লৈছে ৰাজ্যিক চলচিত্ৰ বঁটাপ্ৰাপক তথা অভিনেত্ৰী ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক মন্দাকিনী গোস্বামী, চাহ ব্যৱসায়ী অমিত মালপানী আৰু ছবি নিৰ্মাতা সঞ্জীৱ দেই৷

বিশিষ্ট ছবি সমালোচক তথা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত ছবি ‘ঈশ্বু’ৰ জৰিয়তে ছবি নিৰ্মাণৰ পৃথিৱীত ভৰি দিয়া উৎপল বৰপূজাৰী ক্ৰিয়েটিভ প্ৰডিউচাৰ হিচাপে থাকিব ৷

দীপালি বৰঠাকুৰ-নীলপৱনৰ বৰুৱাৰ প্ৰেম কাহিনীক চিৰযুগমীয়া আৰু প্ৰচাৰ কৰাৰ উদ্দেশ্যে ছবিখন নিৰ্মাণ কৰা হ’ব৷

ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হ’ব চলিত মাহৰ শেষফালৰ পৰা৷