বোকাখাতত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন বনকৰ্মী

elephent

প্ৰতিনিধিত্বমূলক ফটো

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই অহাৰ সমান্তৰালভাৱে বোকাখাতৰ বৰভেটা অঞ্চলত মঙলবাৰে নিশা বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় প্ৰণৱ কলিতা নামৰ এজন বনকৰ্মী ।

জানিব পৰা মতে নিশা হাতী খেদিবলৈ যোৱাৰ সময়তে বনকৰ্মী প্ৰণৱ কলিতাক অচম্বিতে এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰে। যাৰ ফলত বনকৰ্মীজন গুৰুতৰভাৱে আহত হয়।

ইফালে হাতীৰ আক্ৰমণত বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা বনকৰ্মী প্ৰণৱ কলিতাক লগে লগে সহযোগী বনকৰ্মীৰ সহায়ত নিশাই যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তী কৰোৱা হয়। বৰ্তমান চিকিৎসাধীন হৈ থকা বনকৰ্মীজনৰ স্বাস্থ্যৰ অৱস্থা কিছু উন্নত হোৱা বুলি চিকিৎসকে জানিবলৈ দিছে।

আনহাতে বোকাখাতৰ খণ্ড বন কাৰ্যালয়ত কৰ্মৰত বনকৰ্মী প্ৰণৱ কলিতাৰ ঘৰ লখৌজানত বুলি জানিব পৰা যায়।

উল্লেখযোগ্য যে বনাঞ্চলৰ ভূমি বেআইনীভাৱে দখল কৰি চাহ বাগিচা, পাম আদি খোলাৰ ফলত হাতীৰ বিচৰণভূমি সংকুচিত হৈ পৰিছে। যাৰ ফলত বৃদ্ধি পাইছে হাতী মানুহৰ তীব্ৰ সংঘাত আৰু নিতৌ এই সংঘাতত বনৰীয়া হাতীৰ লগতে প্ৰাণ হেৰুৱাব লগীয়া হৈছে বহু লোকে।