ফ্ৰান্সত উলংগ হৈ প্ৰতিবাদ সাৱ্যস্ত কৰিলে এগৰাকী অভিনেত্ৰীয়ে, কিন্তু কিয়?

ফ্ৰান্সত এগৰাকী অভিনেত্ৰীয়ে উলংগ হৈ প্ৰতিবাদ সাব্যষ্ট কৰিছে।

শুকুৰবাৰে দেশখনৰ একাডেমী অৱ চিনেমা আৰ্টছ এণ্ড টেকনিকচে বছৰী আগবঢ়াই অহা চেজাৰ এৱাৰ্ড প্ৰদান অনুষ্ঠানত এই ঘটনা সংঘটিত হৈছে।

অভিনেত্ৰীগৰাকীৰ নাম কৰিন্ন মাচিয়েৰ’ (৫৭)।

কৰোভাইৰাচ মহামাৰীৰ সময়ত ফৰাচী চৰকাৰে দেশৰ চিনেমাজগতক সহায় কৰাৰ দাবীতে তেওঁ এই প্ৰতিবাদ সাব্যষ্ট কৰিছে।

অনুষ্ঠানটোত তেওঁ তেজৰ দৰে ৰং লগা পোচাক পৰিধান কৰি মুখত এখন গাধৰ মুখা পিন্ধিছিল আৰু মঞ্চত উঠি সেইসমূহ খুলিবলৈ ধৰে।

উল্লেখযোগ্য মহামাৰীৰ যে তিনি মাহতকৈও অধিক দিন দেশখনৰ চিনেমাহলসমূহ বন্ধ কৰি ৰখা হৈছে।

সামাজিক দূৰত্ব বজাই ৰাখি আয়োজন কৰা বঁটাপ্ৰদান অনুষ্ঠানটোত অভিনেত্ৰীগৰাকীক নিমন্ত্ৰণ কৰা হৈছিল।

উল্লেখযোগ্য যে চেজাৰ এৱাৰ্ডক দেশখনৰ ‘অস্কাৰ এৱাৰ্ড’ৰ স’তে তুলনা কৰা হয়।

অনুষ্ঠানটোত তেওঁ ‘শ্ৰেষ্ঠ কষ্টিইউম’ শিতানত বঁটাও লাভ কৰিছে।

তেওঁ শৰীৰত ”No culture, no future” শীৰ্ষক শ্লোগান লিখি বাৰ্তা প্ৰেৰণ কৰে যে শিল্প অবিহনে ভৱিষ্যতৰ অস্তিত্ব নাই।

ইয়াৰোপৰি ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী জাঁ কাছটেক্সলৈ উদ্দশ্যি পিঠিত ফৰাচী ভাষাত লিখে- Rend Nous L’art Jean! অৰ্থাৎ ”শিল্প আমাক ঘূৰাই দিয়া, জাঁ”!

কিন্তু বঁটা গ্ৰহণ কৰিবলৈ যাওতে কাপোৰ খুলি প্ৰতিবাদ সাব্যষ্ট কৰাৰ ফলত উপস্থিত দৰ্শকসকল হতভম্ব হৈ পৰে।

অভিনেত্ৰীগৰাকীৰ লগতে অনুষ্ঠানটোত উপস্থিত আন অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালকসকলেও একে দাবী সাব্যষ্ট কৰে।

উল্লেখযোগ্য যে যোৱা ডিচেম্বৰত শ শ ফৰাচী অভিনেতা, নাটক পৰিচালক, সংগীতশিল্পী, চিনেমা কৰ্মী আৰু সমালোচকে দেশখনৰ ৰাজধানী পেৰিছত প্ৰতিবাদ জনাই চৰকাৰে সাংস্কৃতিক অনুষ্ঠানসমূহ বন্ধ কৰি দিয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল।