কোম্পানী এটাই এনেকুৱা এখন ইলেকট্ৰিক বাইক নিৰ্মাণ কৰি আছে যিখনৰাস্তাত চলাৰ লগতে বতাহত উৰি যাবও পাৰিব।
ফ্ৰান্সৰ কোম্পানী লাজাৰেথৰ বাইক LMV 496 ত এনেকুৱা ফিচাৰ আছে যে ই ৰাস্তাত নিজৰ গতি সলনি কৰি ফ্লাইং মোড অৰ্থাৎ উৰণীয় ৰূপ ল’ব পাৰে। ইয়াৰ বাবে মাথোং এটা চুইট টিপিলেই হ’ল।
ডেইলী মেইলৰ বাতৰি অনুসৰি লাজাৰেথ কোম্পানী নিৰ্বাচিত গাড়ী নিৰ্মাণৰ কাৰণে পৰিচিত।
কোম্পানীটোৱে বৰ্তমান এই বাইকখনৰ ৫টা নমুনা নিৰ্মাণ কৰি আছে। ইয়াৰে ৪টা সাধাৰণ গ্ৰাহকে ক্ৰয় কৰিব পৰা হ’ব।
কোম্পানীটোৱে LMV 496 বাইকৰ মূল্য ৩.৫কোটি টকা ৰখা হৈছে।
এই বাইকখনত ৪ টা জেট ইঞ্জিন লগোৱা হৈছে। ই ১৩০০ এছপিৰ থাৰ্ষ্ট জেনেৰেট কৰে। বাইকৰ ডেশ্বব’ৰ্ডৰ পৰাই অল্টিট্যুড, স্পীড, পজিশ্যন আৰু ইন্ধনৰ স্থিতিৰ কথা জানিব পৰা যাব।
বাইকখনে ১০ মিনিট পৰ্যন্ত বতাহত উৰিব পাৰিব। ইলেকট্ৰিক বাইকখনৰ ৰেঞ্জ ৯৬ কিলোমিটাৰ বুলি কোৱা হৈছে। ইয়াৰ পাছত বাইকখন পুনৰ চাৰ্জ কৰাব লাগিব।
এই বাইকখনৰ আগে-পিছে ২-২ টাকৈ টায়াৰ লগোৱা আছে। কোম্পানীয়ে জানিবলৈ দিয়া মতে বাইকখনৰ ওজন কম কৰা হৈছে যদিও বিশেষ মেটেল ব্যৱহাৰ কৰি বাইকখন মজবুত কৰি তোলা হৈছে।
আনহাতে, কিছুদিন পূৰ্বে নেদাৰলেণ্ডৰ কোম্পানী PAL-Vয়ে বিশ্বৰ প্ৰথম ভূমিৰে চলা আৰু বতাহত উৰা গাড়ী নিৰ্মাণ কৰি উলিয়াইছে।
৪ কোটি ২৯ লাখ টকাৰ PAL-V অৰ্থাৎ পায়’নিয়াৰ পাৰ্ছনেল এয়াৰ লেণ্ডিং ভেহিকলৰ বুকিং আৰম্ভ হৈছে। ২০২১ত ইয়াৰ ডেলিভাৰী আৰম্ভ হ’ব।