পূৰ্ণ পৰ্য্যায়ৰ ৰে’ল চলিল বগীবিল দলঙৰ ওপৰেৰে

Bogibeel bridge

অলপতে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা ব্ৰহ্মপুত্ৰৰ ওপৰৰ বগীবিল দলঙেৰে আজি পূৰ্ণাংগ ৰে’ল চলে। উত্তৰ-পূব ৰে’লৱেইৰ এটা সূত্ৰই এই কথা জানিবলৈ দিয়ে।

ইয়াৰ পূৰ্বে ২২ অক্টোবৰত পৰীক্ষামূলকভাৱে দলংখনৰ ওপৰেৰে ১২ টা দবাযুক্ত এখন ৰেইল চলিছিল।

কিন্তু আজি ৪৫টা দবাযুক্ত এখন পূৰ্ণাংগ মালগাড়ীয়ে ডিব্ৰুগড়ৰ ধামালগাওঁ ষ্টেইশ্যনৰ পৰা যাত্ৰা আৰম্ভ কৰে। পুৱা ৯.৪৫ বজাত ট্ৰেইনখনে যাত্ৰা আৰম্ভ কৰে আৰু বগীবিল দলং পাৰ হৈ ধেমাজিৰ টেঙানি ষ্টেইশ্যন পায়।

তাৰ পিছত ট্ৰেইনখন তাৰ পৰা গৈ সন্ধিয়া ৬ বজাত ৰঙাপৰা জংশ্যন পায়। ৰেইলৱেইৰ সূত্ৰই জনোৱামতে, ট্ৰেইনখন এখন bost train (boggy open small type train)।

উল্লেখযোগ্য যে বগীবিল দলং ভাৰতৰ ভিতৰতেই দীৰ্ঘতম ৰে’লপথ-স্থলপথ দলং।