কাকপথাৰৰ বৰডিৰাক গোঁসাই গাওঁৰ পৰা অপহৰণ কৰা কন্যাশিশু অৰুণাচলৰ তেজুত উদ্ধাৰ

proxy.duckduckgo.com

তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত বৰডিৰাক গোঁসাই গাওঁৰ নিজ গৃহৰ পৰা দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী ববী মহন্তক অপহৰণ কৰা ঘটনাৰ প্ৰায় দুমাহৰো অধিক কাল অতিক্ৰম কৰাৰ পিছত কালিহে অৰুণাচল আৰক্ষীৰ বিশেষ শাখাই এক খবৰৰ ভিত্তিত তেজুৰ এখন ব্যক্তিগত বিদ্যালয়ৰ হোষ্টেলৰ পৰা অপহৃত কন্যাশিশুটিক উদ্ধাৰ কৰি অসমৰ সীমামূৰীয়া থানা বৰডুমচা আৰক্ষীক গটাই দিয়ে।

অৰুণাচলৰ চাংলাং জিলাৰ খ্ৰাচাং ৰত্নপুৰ গাঁওৰ অজিত চাকমা নামৰ লোকজনে ১১ জুলাইত কন্যাশিশুটিক অপহৰণ কৰি নি তেজু চহৰৰ এজন বিশেষ লোকৰ ওচৰত চমজাই দিয়ে। তেজুৰ এই বিশেষ ব্যক্তিজনে তেজু প্ৰথমিক বিদ্যালয়ত ববী মহন্ত নামৰ কন্যাশিশুটিক নামভৰ্তি কৰোৱাই হোষ্টেলতে থকাৰ ব্যৱস্থা কৰি দিয়ে। কিন্তু অৰুণাচল আৰক্ষীৰ বিশেষ শাখাই দীৰ্ঘদিন ধৰি অনুসন্ধান কৰাৰ অন্তত ববী মহন্তক উক্ত বিদ্যালয়খনৰ হোষ্টেলত থকাৰ সম্ভেদ লাভ কৰাত কালি দিনৰ ভাগত গৈ হোষ্টেলৰ পৰা উদ্ধাৰ কৰে।

ইফালে বৰডুমচা আৰক্ষীয়ে  বিয়লি পৰত পৰিয়ালৰ লোকক ববী মহন্তক চমজাই দিয়ে। লগতে ঘটনাৰ সৈতে জড়িত দোষী ব্যক্তিৰ বিৰুদ্ধে যথাবিহিত ব্যৱস্থা গ্ৰহণৰ বাবে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। উল্লেখ্য যে, বৰডিৰাক গোঁসাই গাওঁৰ বেনাই মহন্ত নামৰ লোকজনৰ ৮ বছৰীয়া কন্যা ববী মহন্তক চকলেট দি বজাৰৰ পৰা চেণ্ডেল কিনি দিয়াৰ প্ৰলোভন দি এজন অৰুণাচলী লোকে ১১ জুলাইত অপহৰণ কৰি নিয়ে। নিজকে চাংলাং জিলাৰ ডায়ুনৰ চাকমা বুলি পৰিচয় দিয়া লোকজনে পূৰ্বে গোঁসাইগাঁওলৈ অহা যোৱা কৰিছিল। পিছলৈ যোৱা ১০ জুলাই মঙলবাৰে  বিয়লি বেনাই মহন্তৰ ঘৰলৈ আহি নিশাটোৰ বাবে আশ্ৰয় বিচাৰিছিল।

সৰল স্বভাৱৰ খেতিয়ক বেনাই মহন্তই নিশাটোৰ বাবে আশ্ৰয় দিয়া অৰুণাচলী লোকজনে পূৱা ঘৰত পিতৃৰ অনুপস্থিতিত কণমানি ছোৱালীজনীক ফুচুলাই মাক আৰু বায়েকৰ অনুমতি অবিহনে বজাৰলৈ বুলি লৈ যায়। ইয়াৰ পিছত বিয়লিলৈ ঘৰলৈ ঘূৰি নহাতহে পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাত লোকজনে অপহৰণ কৰাটো নিশ্চিত হৈছিল।

পিছলৈ এই ঘটনাক লৈ স্থানীয় ৰাইজ তথা দল সংগঠনে অপহৃত কন্যাশিশুগৰাকীক উদ্ধাৰৰ বাবে প্ৰতিবাদী কাৰ্যসুচীও গ্ৰহণ কৰিছিল। কালি নিজ গৃহলৈ লৈ অনাৰ পিছৰে পৰা ববীয়ে মৌনতা অৱলম্বন কৰা বুলি পৰিয়ালটিয়ে জানিবলৈ দিয়াত ঘটনাটো অধিক ৰহস্যঘন হৈ পৰিছে।