মহালয়া উপলক্ষে শিলচৰৰ সদৰঘাট দলঙত জন সমাগম

সাম্ভাব্য দুৰ্ঘটনা ৰোধৰ বাবে বৰাকৰ দুইপাৰ আৰু দলঙত এছডিআৰএফৰ লোক মোতায়েন জিলা প্ৰশাসনৰ

IMG_20181008_060235

প্ৰতিবছৰৰ দৰে এইবাৰো মহালয়াৰ দিনা পুৱা ৫-০০ বজাৰে পৰা শিলচৰ চহৰৰ সদৰঘাট দলং আৰু ইয়াৰ সমীপৱৰ্তী এলেকাত তীব্ৰ যানজঁট সৃষ্টি হয়। প্ৰতি বছৰেই  মহালয়াৰ দিনা শিলচৰৰ সদৰঘাট দলঙলৈ শোভাযাত্ৰা কৰাৰ ফলত এই যানজঁটৰ সৃষ্টি হয়। এই পৰম্পৰা কেতিয়া আৰম্ভ হৈছে সেই তথ্য কোনেও নাজানে।

অইন বাৰৰ দৰে মহালয়া উপলক্ষে আজিও নিচেই পুৱাৰে পৰা সকলো বয়সৰে প্ৰায় ২০,০০০ শিলচৰবাসীয়ে সদৰঘাট দলঙলৈ গৈ দলঙৰ ওপৰত ছেলফি উঠাটো পৰিলক্ষিত হয়।

শিলচৰৰ ইটখোলা এলেকাৰ সুদৰ্শন সিং নামৰ লোক এজনে এই প্ৰতিৱেদকক কয়, ‘ইয়ালৈ মানুহ কিয় আহে মই নাজানো। ময়ো প্ৰতি বছৰে আহোঁ। আমি ইয়ালৈ আহিলে দূৰ্গা পূজা ওচৰ চপাটো অনুভৱ হয়। এইদৰেই উৎসৱ আৰম্ভ হয়।’’

শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ মনমী তৰফদাৰে কয়, ‘‘মই মোৰ বন্ধু-বান্ধৱসকলৰ সৈতে ইয়াতে ছেলফি তুলি সেয়া ঘৰলৈ পঠাই দিওঁ।

বৰাকৰ পাৰত বহুজনকেই পূৰ্বপুৰুষ আৰু সম্পৰ্কীয় লোকসকলৰ বিদেহী আত্মালৈ তৰ্পণ কৰা দেখা গৈছিল। কাচাৰৰ উপায়ুক্ত ড০ এছ লক্ষ্মননে কৈছে যে আজিৰ এই দিনটোত সংঘটিত হ’ব পৰা দুৰ্ঘটনাৰ সময়ত সহায়ক হোৱাকৈ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ লোকক এই স্থানত নিয়োজিত কৰি ৰখা হৈছে।

ড০ লক্ষ্মননে কৈছে, ‘‘এমাহ আগতে মনসা পূজাৰ বিসৰ্জানৰ সময়ত ইয়াতেই এজন লোকৰ মৃত্যু ঘটিছিল। এইবাৰ সেয়েহে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দুৰ্ঘটনা ৰোধ কৰাৰ বাবে আমি বৰাকৰ দুয়ো পাৰে আৰু দলঙত অতিৰিক্ত বাহিনী মোতায়েন কৰিছোঁ।’’

উপায়ুক্তগৰাকীয়ে শিলচৰৰ অধিবাসীকলক মহালয়াৰ শুভেচ্ছা জনায়।