NORTHEAST NOW (Assamese)

বিয়াৰ দিনাই পলাল কইনাসহ পৰিয়াল; খঙতে আৰক্ষীক ফোন কৰি ঘৰলৈ উভতিল দৰাযাত্ৰী

January 29, 2021 2:29 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

বিয়াৰ দিনা দৰাযাত্ৰী কইনাৰ ঘৰলৈ আহি দেখে যে তাত কোনো নাই। ঘৰত লগোৱা আছে এটা তলা। মোবাইলো বন্ধ। পঞ্জাৱৰ মোগা জিলাত সংঘটিত হৈছে এই কাণ্ড।

দৰাৰ নাম হৰজিন্দৰ সিং। তেওঁৰ পৰিয়ালে দাবী কৰা মতে প্ৰায় এমাহ পূৰ্বে মোগা জিলাৰ এখন গাঁৱত হৰজিন্দৰৰ বিয়া ঠিক হৈছিল।

দৰাৰ পৰিয়ালৰ অভিযোগ যে তেওঁলোকে যেতিয়া গৈছিল তাত বহুতেই জনায় যে সেই যুৱতীগৰাকী আগৰে পৰা বিবাহিত আছিল।

দৰাৰ পৰিয়ালৰ সদস্যসকলৰ মতে সেই সময়ত নাবালিকা হোৱা বাবে ছোৱালীজনীৰ প্ৰথম স্বামীকো শাস্তি বিহা হৈছিল।

দৰাযাত্ৰী যেতিয়া বিবাহৰ বাবে কইনাৰ ঘৰত উপস্থিত হৈছিল তেতিয়া ঘৰত কোনো নাছিল। যোগাযোগৰ চেষ্টা কৰা হয় যদিও কাকো পোৱা নগ’ল। দৰাৰ পৰিয়ালে আইনী ব্যৱস্থা গ্ৰহণৰ হুমকি দিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে দৰাৰ পৰিয়ালে অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে সকলো তদন্ত কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব বুলি সদৰী কৰিছে।

Related News