নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত মাজুলীত সমুহীয়া  মুণ্ডন

Screenshot_20190111-143759_Video Player (1)

মাজুলীৰ জিলা সদৰত স্থানীয় যুৱকৰ এটা প্ৰতিবাদী দলে অভিনৱ প্ৰপতিবাদ সাব্যস্ত কৰে। বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) বিধেয়ক বাতিলৰ দাবীৰে দিল্লীৰ ৰাজপথত অসমীয়া যুৱকে নগ্ন প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত আজি  মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত প্ৰতিবাদে চূড়ান্ত ৰূপ ল’লে।  বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্য জুৰি প্ৰতিবাদৰ জুই জ্বলি থকাৰ সময়তে আজি ১১ জানুৱাৰি শুকুবাৰে মাজুলীৰ জিলা সদৰ গড়মূৰত স্থানীয় যুৱকে সমুহীয়া মুণ্ডনেৰে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ নিচেই কাষতে প্ৰতিবাদী যুৱকসকলে চুলি খুৰাই প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় যুৱকৰ প্ৰতিবাদত প্ৰাক্তন আলফায়ো সহযোগিতা আগবঢ়ায় ।

ইফালে মাজুলীৰ প্ৰান্তে প্ৰান্তে চলিছে প্ৰতিবাদৰ জুই। মহাবিদ্যালয়সমুহত ছাত্ৰ একতা সভাই অনিদিষ্ট কাললৈ শ্ৰেণী বৰ্জন কৰাৰ লগতে। মাজুলীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সত্ৰাধিকাৰেও আন্দোলন ঘোষণা কৰিছে।