NORTHEAST NOW (Assamese)

শোণিতপুৰৰ জামুগুৰিহাটত ধুমুহাৰ তাণ্ডৱ : বিভিন্ন স্থানত বিস্তৰ ক্ষতি

November 17, 2018 10:59 am · মনিমালা বৰা

জামুগুৰিহাটত যোৱানিশা অহা ধুমুহাৰ ফলত বিস্তৰ ক্ষতিসাধন হোৱাৰ বাতৰি পোৱা গৈছে। নিশা অহা প্ৰৱল ধুমুহাত অঞ্চলটোৰ বিভিন্ন স্থানত গছ বাগৰি পথ ঘৰ দুৱাৰৰ ক্ষতিসাধন কৰাৰ লগতে বিভিন্ন স্থানত বিদ্যুত যোগাযোগ ব্যাহত হয়।

ৰাইজে কিছু স্থানত গছ কাটি পথ মুকলি কৰে যদিও বিভিন্নস্থানত এতিয়াও পথ বন্ধ হৈ আছে। বহু স্থানত বিদ্যুত পৰিবাহী তঁৰ চিঙি এতিয়াও বিদ্যুত যোগান ব্যাহত হৈ আছে৷ উল্লেখনীয় যে ধুমুহা বৰষুণৰ ফলত কৃষকৰ ধাননি পথাৰৰো বিস্তৰ ক্ষতি হয়।

উল্লেখ্য যে অসমকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যত শেহতীয়াভাৱে আবতৰীয়া ধুমুহাৰ প্ৰভাৱ বাঢ়ি অহাটো পৰিলক্ষিত হৈছে। ঘাইকৈ জলবায়ু পৰিৱৰ্তনে ইয়াৰ বাবে দায়ী হ’ব পাৰে। মানুহৰ দ্বাৰা প্ৰকৃতি আৰু পৰিৱেশতন্ত্ৰত পেলোৱা নেতিবাচক চাপৰ ফলত প্ৰাকৃতিক ভাৰসাম্য বিঘ্নিত হোৱাৰ ফলত আকস্মিক বানপানী, আবতৰীয়া বানপানী আদিৰ মাত্ৰা বাঢ়ি অহাটো পৰিলক্ষিত হৈছে।

Related News