NORTHEAST NOW (Assamese)

মুক্ত আকাশৰ তলত এটি দুৰ্ভগীয়া পৰিয়াল; মানুহে মানুহৰ বাবে অকন ভাৱিবনে?

February 5, 2021 5:41 pm · মানস প্রতীম গগৈ
ফটো: নৰ্থইষ্ট নাও।

মাৰ্ঘেৰিটাৰ এটি দৰিদ্ৰ পৰিয়ালৰ জীৱনৰ কৰুণ গাথা এয়া। দুৰ্ভগীয়া পৰিয়লটো আজিৰ দিনটোত আছে মুক্ত আকাশৰ তলত।

মাৰ্ঘেৰিটাৰ ২ নং লাজুম গাৱঁৰ ঘটনা এয়া। পৰিয়ালটোৰ মুৰব্বীগৰাকীৰ নাম বিপুল পাল। মুৰব্বী পাল শাৰীৰিক ভাৱে অসুস্থ ব্যক্তি।

আনহাতে, পত্নী মানসিকভাৱে বিকাৰগ্ৰস্তু হোৱাৰ লগতে তেওঁলোকৰ একমাত্ৰ পুত্ৰও ৰোগাক্ৰান্ত।

এটি ভাৰাগৃহত থাকি কোনোমতে পৰিয়ালটো পোহপাল দি আহিছিল বিপুল পালে।

কিন্তু মানসিকভাৱে বিকাৰগ্ৰস্ত ঘৈণীয়েকৰ অশান্তিত অৱশেষত ভাৰাঘৰৰ মালিকে উলিয়াই দিলে ঘৰৰ পৰা।

অৱশেষত দুৰ্দশাগ্ৰস্ত পৰিয়ালটো সকলো প্ৰয়োজনীয় বয়বস্তু লৈ মুক্ত আকাশৰ তলত থাকিবলগীয়া হৈছে।

স্থানীয় ৰাইজে পৰিয়ালটোৰ ভৱিষ্যতকলৈ চিন্তিত হৈ পৰিছে।

এতিয়া প্ৰশ্ন হৈছে চৰকাৰৰ এনেধৰণৰ পৰিয়ালসমূহক উদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণৰ কোনো আঁ‌চনি আছে নে? স্থানীয় ৰাইজে চৰকাৰ তথা চৰকাৰী বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিছে।

ইচ্ছুক হৃদয়বান লোকক ৮৪৮৬৯৭৭১৪৬ নাম্বাৰত যোগাযোগ কৰিবলৈকো স্থানীয় ৰাইজে আহ্বান জনাইছে।

Related News