নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ মাজতে গোলাঘাটত ভোটাৰক প্ৰলোভিত কৰিবলৈ ধনৰ জোৱাৰ!

cash-750x375

প্রতিনিধিত্বমূলক ফটো।

আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈছে ৰাজনৈতিক দলসমূহ।

বিগত সপ্তাহত গোলাঘাটত নিৰ্বাচন জিলাত নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়ছোৱাত সমগ্ৰ গোলাঘাটত অবৈধ ধনৰ লেনদেন, ভোটাৰক ধনেৰে প্ৰলোভিত কৰা, সুৰাৰ অবাধ প্ৰচলন আদি ৰোধ কৰিবলৈ আদৰ্শ আচৰণ বিধি কোষে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে।

এই মূহূৰ্তলৈকে ১১,৮৫,৭০৫ টকা, ২১ লাখ টকাতকৈও অধিক মূল্যৰ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে।

যদিও এনে নিছিদ্ৰ সুৰক্ষাৰ মাজতে পুনৰ কমাৰবন্ধাৰ ওচৰত এ এছ ০১ ই বি ৬৬৮১ নম্বৰৰ এখন চাৰিচকীয়া বাহনৰ পৰা ৮৪ হাজাৰ আৰু গোলাঘাটৰ ধনশিৰি দলঙৰ ওপৰত এখন এ এছ ০৬ এছ ৭৪২৭ নম্বৰৰ স্কৰপিঅ’ বাহনৰ পৰা ৮১ হাজাৰকৈ ধন জব্দ কৰে।

বিশেষকৈ গোলাঘাট আৰু খুমটাই সমষ্টিত এই অবৈধ ধন তথা সুৰা নিয়োজিত হৈ থকা ষ্টেটিক ছাৰ্ভিলেঞ্চ দল, ফ্লায়িং স্কোৱাৰ্ড আৰু ভিডিঅ’ চাৰ্ভিলেঞ্চ দলে জব্দ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে , ২০১৬ৰ  নিৰ্বাচনৰ তুলনাত ২০২১ৰ নিৰ্বাচনত জব্দ কৰা ধন আৰু সুৰাৰ পৰিমাণ সৰ্বাধিক ৫.৫ গুণ অধিক হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

ৰাজ্যৰ ভিতৰতে এক সুকীয়া প্ৰতিচ্ছবি প্ৰতিফলিত হোৱা সমষ্টিটোত ২৭ মাৰ্চৰ ভোটদানৰ দিনলৈকে যে অধিক অবৈধ ধনৰ লেনদেনৰ ঘটনা পোহৰলৈ আহিব সেইটো নিশ্চিত বুলি অনুমান কৰিব পৰা যায়।