খাৰুপেটিয়াত আৰক্ষীৰ অভিযানত ৩৭৮টা বিলাতী সুৰাৰ বটল জব্দ; এজনক আটক

darrang-liquor-

ফটো : নৰ্থ-ইষ্ট নাও

শাৰদীয় দুৰ্গোৎসৱৰ সময়ত কিছু অসাধু ব্যৱসায়ীয়ে ৰাজ্যৰ বিভিন্ন অঞ্চলত অবৈধ বিলাতী সুৰাৰ ৰমৰমীয়া বেহা চলোৱা পৰিলক্ষিত হয়। তেনে এক বিলাতী সুৰাৰ অবৈধ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় দৰং আৰক্ষী।

জানিব পৰা মতে মঙলবাৰে নিশা দৰং আৰক্ষীৰ এটা বৃহৎ দলে জিলাখনৰ খাৰুপেটিয়া চহৰত অভিযান চলাই বৃহৎ পৰিমানৰ অবৈধ সুৰা জব্দ কৰাৰ লগতে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলোৱা এজন ব্যৱসায়ীকো আটক কৰে।

অভিযান সন্দৰ্ভত দৰং জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিঠ টিয়ে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে খাৰুপেটিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, উপ পৰিদৰ্শক চন্দন গোস্বামী, উপ আৰক্ষী অধীক্ষক অমিত কুমাৰ হোজাই আৰু উপ পৰিদৰ্শক কেকে লস্কৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কালি নিশা খাৰুপেটিয়া চহৰৰ বিভিন্ন অঞ্চলত অভিযান চলাই বিভিন্ন ব্ৰেণ্ডৰ ৩৭৮টা বিলাতী সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয়।

ইয়াৰ উপৰি আৰক্ষীৰ দলটোৱে চহৰৰ টিলাপাট্টী অঞ্চলৰ পৰা প্ৰাণজিৎ শংকৰ নামৰ ২৪ বছৰীয়া যুৱক এজনক সুৰাৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

ইফালে পিছত আৰক্ষীৰ দলটোৱে জব্দকৃত সুৰাৰ লগতে আটকাধীন ব্যৱসায়ীজনক স্থানীয় আবকাৰী বিভাগক চমজাই দিয়া বুলি আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।