NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত প্ৰকাণ্ড অজগৰ উদ্ধাৰ, বন বিভাগক হস্তান্তৰ

December 27, 2021 4:28 pm · মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা

মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত বৰগোলাইৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আজি উদ্ধাৰ হয় এটা প্ৰকাণ্ড অজগৰ৷

ৰাষ্ট্ৰীয় ঘাইপথেৰে অতিক্ৰম কৰাৰ অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি অজগৰ ডালক উদ্ধাৰ কৰে৷

প্ৰায় ১১ ফুট দৈৰ্ঘ্যৰ অজগৰ ডালক ৰাইজে উদ্ধাৰ কৰি স্থানীয় বন বিভাগৰ হাতত গতাই দিয়ে৷

উল্লেখ্য যে বিগত কিছুদিন ধৰি অজগৰ ডালক অঞ্চলটোত প্ৰত্যক্ষ কৰি আহিছিল স্থানীয় ৰাইজে।

Related News