NORTHEAST NOW (Assamese)

কৰ্তব্যৰত অৱস্থাতে নিজৰ চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা এজন জোৱানৰ

December 17, 2018 8:07 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

শোনিতপুৰ জিলাৰ চাৰিদুৱাৰত আজি এজন জোৱানে কৰ্তব্যৰত অৱস্থাতে নিজৰ চাৰ্ভিচ ৰাইফলেৰে গুলীয়াই আত্মহত্যা কৰাক লৈ সম্প্ৰতি চাৰিদুৱাৰ কেম্পৰ লগতে সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যই বিৰাজ কৰিছে।

এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি জোৱানজনে অইন দিনাৰ দৰে আজিও নিজৰ কৰ্তব্যত ব্ৰতী আছিল আৰু তাৰ মাজতে হঠাৎ তেওঁ আত্মহত্যাৰ দৰে চৰম পন্থা বাছি লয়। আত্মহত্যা কৰা জোৱানজন মহাৰাষ্ট্ৰৰ নাছিকৰ বিজয় শ্বা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ঘটনা সন্দৰ্ভত কেম্পৰ এজন জোৱানে জানিবলৈ দি কয় যে গুলীৰ শব্দ শুনি আমি তৎক্ষণাৎ ঘটনাস্থললৈ যাও যদিও আমি তেওঁক ৰক্তাক্ত অৱস্থাত মাটিত বাগৰি পৰি থকা দেখো। লগে লগে জোৱানজনক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

কি কাৰণত জোৱানজনে নিজৰ চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰিলে সেই কথা এই পৰ্যন্ত জানিব পৰা হোৱা নাই। ইফালে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰাৰ লগতে জোৱানজনৰ পৰিয়ালৰ লোককো খবৰ দিয়া হোৱা বুলি জানিব পৰা গৈছে।

Related News