গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে মুখ্য মন্ত্ৰীৰ বৈঠক; নাগৰিকত্ব বিধেয়ক বিৰোধী ঢৌত উদ্বিগ্ন বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব

এন আৰ চি বিষয়ত কেন্দ্ৰীয়–ৰাজ্য চৰকাৰৰ যৌথ কমিটী গঠনৰ সিদ্ধান্ত

rajnath

Union Home Minister Rajnath Singh: File Photo

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি চলি থকাৰ মাজতে ৰাজ্যৰ কেইবাটাও জ্বলন্ত সমস্যা আৰু সম্ভাব্য পৰিস্থিতিৰ বিষয়ে ২৭ নৱেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু মুখ্য মন্ত্ৰী সোণোৱাল, বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, উত্তৰ-পূবৰ দায়িত্বত থকা গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু বিজেপিৰ অসমৰ দায়িত্বত থকা বিষয়ববীয়াৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

বৈঠকৰ পিছতে এখন সংবাদমেলত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনায় যে বৈঠকত এন আৰ চিৰ পৰা বাদ পৰিব পৰা বৃহৎ সংখ্যক লোকৰ ক্ষেত্ৰত কি ব্যৱস্থা লোৱা হ’ব পাৰে তাৰ সকলো দিশ চালি-জাৰি চাবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰে এখন যৌথ সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ইফালে নাগৰিকপঞ্জীত নাম দাবী-আপত্তি দাখিলৰ প্ৰক্ৰিয়াত কম সংখ্যক লোকে সহযোগ কৰা কথাটোত গৃহ মন্ত্ৰীয়ে উদ্বিগ্নতা প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে। পুনৰ আৱেদন প্ৰক্ৰিয়াটোত অধিক সংখ্যক লোকে যাতে অংশগ্ৰহণ কৰিব পাৰে আৰু এজনো প্ৰকৃত ভাৰতীয়ৰ নাম যাতে বাদ পৰি নাযায় তাৰ বাবে সৰ্বাধিক গুৰুত্ব আৰোপ কৰাৰ বাবে নিৰ্দেশ দিয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ শংকা এতিয়াও আঁতৰা নাই। দাবী-আপত্তি প্ৰক্ৰিয়াৰ বাবে পূৰ্বৰ ১৫বিধ নথিৰ বৈধতা অটুট থকা সত্ত্বেও বাদ পৰা ৪০ লাখৰো অধিক লোকৰ নাম অন্তৰ্ভুক্তিৰ প্ৰচেষ্টা জোৰদাৰ নহয়। সেয়ে এই শংকা আহিছে যে এইসকলৰ বেছি সংখ্যকৰে নাম এন আৰ চিত অন্তৰ্ভুক্ত নহ’ব পাৰে।

জানিব পৰামতে, ৰাজ্যত নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাত চলি থকা তীব্ৰ গণ-আন্দোলন আৰু ইয়াৰ ঢৌৱে বিজেপিৰ ভাবমূৰ্তি ম্লান কৰা কথাটোৱে দলটোৰ কেন্দ্ৰৰ নেতৃবৰ্গক উদ্বিগ্ন কৰি তুলিছে। ফলত এই বিষয়টো আৰু এন আৰ চিৰ বিষয়টো আলোচনা কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে সোণোৱালক জৰুৰীভাৱে দিল্লীলৈ মাতি পঠাইছিল।

বৈঠকত ৰাজ্যৰ শেহতীয়া আইন-শৃংখলা পৰিস্থিতিৰ সন্দৰ্ভতো বিশদভাৱে আলোচনা কৰা হয়। বিশেষকৈ আলফাৰ উত্থানৰ বিষয়টোৱে বৈঠকত গুৰুত্বসহ স্থান লাভ কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে আলফা (স্বাঃ) কাৰ্য্যকলাপ কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰাৰ বাবে মুখ্য মন্ত্ৰী সোণোৱালক নিৰ্দেশ দিয়ে।