NORTHEAST NOW (Assamese)

মহানগৰীৰ পাণ্ডু জয়মতী নগৰত সাংবাদিকৰ আত্মহত্যা

July 28, 2019 10:12 pm · শান্তনু শইকীয়া

মহানগৰীৰ পাণ্ডু জয়মতী নগৰত এগৰাকী সাংবাদিকৰ আত্মহত্যাৰ ঘটনা পোহৰলৈ অহাত এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। নিজ বাসগৃহত চিপ লৈ আত্মহত্যা কৰা সাংবাদিকজন মধুসূদন গোস্বামী বুলি জানিব পৰা গৈছে।

জানিব পৰা অনুসৰি আজি সন্ধিয়া প্ৰায় ৬ বজাত পৰিয়ালৰ লোকে চিপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰে। লগে লগে ঘটনা সম্বন্ধত জালুকবাৰী আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোক ঘটনাস্থলত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

সাংবাদিক গৰাকীয়ে কি কাৰণত আত্মহত্যাৰ দৰে পথ বাচি ল’লে সেয়া জানিব পৰা নাই যদিও তেওঁ যোৱা কিছুদিনৰ পৰা তীব্ৰ মানসিক চাপত ভুগি আছিল বুলি পৰিয়ালৰ লোকে জনায়।

উল্লেখ্য যে বিগত প্ৰায় ৫ বছৰ ধৰি সংবাদ ক্ষেত্ৰৰ লগত জড়িত হৈ থকা গোস্বামী বৰ্তমান এটা নিউজ পৰ্টেলত কৰ্মৰত হৈ আছিল।

নিষ্ঠাবান সাংবাদিকগৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

Related News