NORTHEAST NOW (Assamese)

শ্বাহৰুখ খানক হত্যাৰ ভাবুকি : গ্ৰেপ্তাৰ অধিবক্তা

November 22, 2024 5:54 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানক মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন অধিবক্তা।

ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰৰ এজন অধিবক্তাই শ্বাহৰুখ খান আৰু তেওঁৰ পুত্ৰ আৰিয়ান খানৰ গতিবিধি তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছিল বুলি মুম্বাই আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।

আৰক্ষীয়ে কয় যে অভিযুক্ত ফৈজান খানে পৰিয়ালটোৰ নিৰাপত্তা আৰু অৱস্থানৰ সৈতে জড়িত ‘সম্পূৰ্ণ অনলাইন অনুসন্ধান’ চলোৱাৰ প্ৰমাণ পোৱা গৈছে।

জানিব পৰা মতে, মুম্বাইৰ বান্দ্ৰা আৰক্ষী থানালৈ যোৱা ৭ নৱেম্বৰত এটা ফোন আহিছিল। সেই ফোনকলত শ্বাহৰুখ খানক হত্যা কৰাৰ ভাবুকি দিয়াৰ লগতে ৫০ লাখ টকাও দাবী কৰিছিল অধিবক্তা ফৈজান খানে।

আৰক্ষীয়ে জনোৱা মতে, ফৈজানে শ্বাহৰুখ খান আৰু তেওঁৰ পৰিয়ালৰ নিৰাপত্তাৰ ব্যৱস্থাৰ বিষয়ে স্পৰ্শকাতৰ তথ্য সংগ্ৰহৰ চেষ্টা কৰিছিল।

অৱশ্যে ধৃত অধিবক্তাগৰাকীয়ে ভাবুকি দিয়াৰ কথাটো অস্বীকাৰ কৰি তেওঁৰ ফোনটো চুৰি হোৱা বুলি জনাইছে আৰক্ষীক।

Related News