চাঞ্চল্য! অচিনাক্ত ব্যক্তিৰ ছুৰীকাঘাতত মৃত্যু এন চি পি(অজিৎ পাৱা)ৰ নেতা

দক্ষিণ মুম্বাইত অচিনাক্ত ব্যক্তিয়ে অজিৎ পাৱাৰ নেতৃত্বাধীন এচিপিৰ এজন নেতাক ছুৰীৰে আঘাত কৰি হত্যা কৰে।

শুকুৰবাৰে গভীৰ নিশা বাইকুলাৰ এমএইচএডিএ কলনী এলেকাত চোকা অস্ত্ৰৰে আক্ৰমণ কৰা হয় শচীন কুৰ্মী (৪৩)নামৰ নেতাগৰাকীক।

এই আক্ৰমণৰ পিছত ততাতৈয়াকৈ কুৰ্মীক জে জে হাস্পতাললৈ লৈ যোৱা হয় আৰু তাতেই তেওঁক চিকিৎসকে মৃত ঘোষণা কৰে।

ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰ যে এই আক্ৰমণত দুইৰ পৰা তিনিজন লোক জড়িত হৈ আছে।

আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি অভিযুক্তৰ পৰিচয় জানিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

ভাৰতীয় ন্যায় সংহিতা আইনৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে। এই ঘটনাৰ তদন্তৰ বাবে এটা দল গঠন কৰিছে মুম্বাই আৰক্ষীয়ে।