নিশা ৰাজ্যত ভূমিকম্প; ৰিখটাৰ স্কেলত ৫.৬ প্ৰাৱল্যৰ জোকাৰণি কিন্তু বহুতে গমেই নাপালে!

earthquake-750x375

নিশা প্ৰায় ১২ বজাত গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন স্থানত ভূমিকম্পই জোকাৰি যায়।

ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৫.৬। ভূমিকম্পটোৰ গভীৰতা আছিল ভূগৰ্ভৰ ১৫০ কিলোমিটাৰ তলত।

কেইবা ছেকেণ্ড ধৰি ভূমিকম্পৰ জোঁকাৰণি অনুভুত হৈছিল।

ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ম্যানমাৰ বুলি জানিব পৰা গৈছে।

নিশা ভূমিকম্পটোৰ পাছতে বহুতেই জোকাৰণিৰ অনুভৱ কৰাৰ কথা ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে।

আনহাতে, মাজনিশাৰ এই মৃদু ভূমিকম্পটোৰ জোকাৰণি বহুতে গমেই নাপালে।

অসমত সঘনাই হৈ থকা সৰু সৰু ভূমিকম্পবোৰৰ বাবেই এনেধৰণৰ মৃদু জোকাৰণি বহুতেই অনুভৱ কৰিব পৰা নাছিল।

ছচিয়েল মিডিয়াৰ জৰিয়তে সেয়ে বহুতেই প্ৰকাশ কৰে যে তেওঁলোকে কোনো ধৰণৰ জোকাৰণিৰ অনুভৱ নকৰিলে।

বহুতেই অৱশ্যে এই জোকাৰণিত টোপনিৰ পৰা সাৰ পোৱাৰ কথাও সদৰী কৰিছে।