ডিমা হাচাওৰ হাফলঙত উপায়ুক্ত অমিতাভ ৰাজখোৱাই উন্মোচন কৰিলে আলোচনী ‘মৈত্ৰী’

IMG-20181015-WA0062

ফটো : নৰ্থ-ইষ্ট নাও

দুৰ্গা পূজাৰ সৈতে সংগতি ৰাখি হাফলঙত পোন প্ৰথমবাৰৰ বাবে ডিমা হাচাও সাহিত্য সংস্কৃতি পৰিষদৰ উদ্যোগত প্ৰস্তুত কৰি উলিওৱা ‘মৈত্ৰী’ নামৰ আলোচনীখন সোমবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

হাফলং জগন্নাথ বাড়ি চৌহদত আয়োজন কৰা অনুষ্ঠানত আলোচনীৰ উন্মোচন কৰে ডিমা হাচাও জিলাৰ জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাৰ লগতে আন আন বিশিষ্ট অতিথিক্ৰমে স্বায়ত্ত শাসিত পৰিষদৰ সদস্য অজয় চক্ৰবৰ্ত্তী, হিমবাহাদুৰ ছেত্ৰী, আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়া, বিশিষ্ট সমাজকৰ্মী বহিমচন্দ্ৰ লাঙঠাচা, জিলা তথ্য আৰু জনসংযোগ বিষয়া পূৰবি ফংল’, নিখিল ভাৰত বঙ্গ সাহিত্য সম্মিলনৰ সভাপতি বিশ্বেশ্বৰ চক্ৰবৰ্ত্তী, সংস্কৃতি পৰিষদৰ সভাপতি মুকুল দেৰ লগতে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানৰ আৰম্ভণিতে অতিথি সকলক আদৰণি জনোৱাৰ পাছত ‘মৈত্ৰী’ৰ আভৰণ উন্মোচন কৰা হয়। সংস্কৃতি পৰিষদৰ সাধাৰণ সম্পাদক তথা সাংবাদিক পংকজকুমাৰ দেবে আলোচনীখন প্ৰকাশৰ আঁৰৰ বিষয়ে উল্লেখ কৰি কয় যে পাহাৰীয়া ডিমা হাচাও জিলা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰম্যভূমি। লগতে সংস্কৃতিৰ এক ভঁৰাল। তথাপি জনগোষ্ঠীয় সংস্কৃতি আৰু সাহিত্যৰ যোগেদি  ভাতৃত্বৰ বন্ধন আৰু অধিক সুদৃঢ় কৰাৰ কাৰণেই মৈত্ৰী আলোচনীখন প্ৰকাশ কৰা হৈছে।

ইফালে জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাই সাহিত্য পৰিষদৰ এই পদক্ষেপৰ প্ৰশংসা কৰি কয় যে মৈত্ৰীৰ শাৰদ সংখ্যা উঠি অহা প্ৰজন্মৰ মাজত লেখা মেলাত গুৰুত্বপূৰ্ণ অৰিহনা যোগাব বুলি উল্লেখ কৰে।

ইয়াৰ উপৰি আৰক্ষী অধীক্ষক প্ৰশান্ত শইকীয়া, বিশিষ্ট নাগৰিক তথা বুদ্ধিজীৱী বহিমচন্দ্ৰ লাঙঠাচা, জনসংযোগ বিষয়া পূৰবি ফং’ল আদিয়েও ভাষণৰ জৰিয়তে সাহিত্য পৰিষদৰ এই যোগাত্মক পদক্ষেপক আদৰণি জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে ষাঠি পৃষ্ঠাৰ আলোচনীখনত ডিমা হাচাওৰ বাহিৰে কলিকতা, গুৱাহাটী, শিলচৰ আৰু কৰিমগঞ্জৰ কবি-লেখক সকলৰ লেখাও প্ৰকাশ পায়।