বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাত ৮ মহীয়া অন্তঃসত্ত্বা পত্নীক কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে পাষাণ গিৰীয়েকে

Sanjeev Mahato

পত্নী হত্যাকাৰী সঞ্জীৱ মাহাতো।

বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাত এজন লোকে নিজৰ ৮ মহীয়া অন্তঃসত্ত্বা পত্নীক ৰাতি শুই থকা অৱস্থাতে কুঠাৰেৰে ঘপিয়াই  হত্যা কৰাৰ দৰে এটা অতি দুৰ্ভাগ্যজনক ঘটনা ঘটে। ২১ অক্টোবৰত সংঘটিত এই নৃশংস হত্যাকাণ্ডই সমগ্ৰ অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰামতে, সাকোমঠা চাহ বাগিচাৰ হস্পিটেল লাইনৰ সঞ্জীৱ মাহাতু আৰু তেওঁৰ পত্নী সুৰেখা কৰ্মকাৰৰ মাজত যোৱা দুমাহ দিন ধৰি পাৰিবাৰিক কন্দল চলি আছিল। কিন্তু কালি সঞ্জীৱ মাহাতুৱে মদ খাই আহি নিশা ৯.৩০ মান বজাত সুৰেখা শুই থকা অৱস্থাত কুঠাৰেৰে ঘপিয়াই হত্যা কৰে।
স্থানীয় লোকে জনাৱা মতে, দুয়োৰ মাজত বিয়া হৈছিল আজিৰ পৰা প্ৰায় ১০ মাহ পূৰ্বে। বিয়াৰ এমাহৰ পিছতেই দুয়ো কাম কৰিবলৈ গুজৰাটলৈ যায়। কিন্তু গুজৰাটৰ পৰা দুমাহ পূৰ্বে দুয়ো নিজৰ ঘৰলৈ উভতি আহে।
সেই সময়ত সুৰেখা ৬ মাহৰ অন্তঃসত্ত্বা আছিল আৰু বিগত দুমাহ ধৰি দুয়োৰে মাজত পাৰিবাৰিক কন্দলৰ সূত্ৰপাত ঘটিছিল। তাৰেই কৰুণ পৰিণতি কালিৰ ঘটনাটো।
স্বামীৰ আক্ৰমনত গুৰুত্বৰভাৱে আহত হোৱা সুৰেখাক বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও আজি পুৱা চিকিৎসালয়ত মৃত্যু হয় সুৰেখাৰ।
ইফালে ঘটনা সংঘটিত কৰিয়েই বিশ্বনাথৰ মাজুলীগড়ৰ ফালে পলায়ন কৰা পাষাণ স্বামী সঞ্জীৱক স্থানীয় ৰাইজে ধৰি গৃহলৈ লৈ আহে আৰু হাত-ভৰি বান্ধি উত্তম-মধ্যম দি বিশ্বনাথ আৰক্ষীক গতাই দিয়ে।