গৌৰীসাগৰত নিশা ঘৰৰ ছাদৰ পৰা পৰি নিহত বিবাহিত যুৱক

প্ৰতিনিধিত্বমূলক ফটো

প্ৰতিনিধিত্বমূলক ফটো

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত গৌৰীসাগৰ তিনি আলিৰ সমীপত মঙলবাৰে নিশা দুই মহলীয়া ঘৰৰ ছাদৰ পৰা পৰি এজন বিবাহিত যুৱকৰ মৃত্যু হোৱা ঘটনা আজি ৰাতিপুৱা পোহৰলৈ অহাত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে। নিহত যুৱকজনৰ নাম বুধন ভূমিজ বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী মতে গৌৰীসাগৰ তিনি আলিৰ নিবাসী জয়ৰাম বৰা নামৰ ব্যক্তি জনৰ দুইমহলীয়া পকী ঘৰৰ ছাদত থকা এটা বাঁহৰ ঘৰত মৃত যুৱকজন বহু দিন ধৰি অস্থায়ী হিচাপে বসবাস কৰিছিল।

কিন্ত আজি পুৱা জয়ৰাম বৰাৰ পৰিয়ালৰ লোকে যুৱকজনৰ মৃতদেহ মাটিৰ মজিয়াত পৰি থকা প্ৰতক্ষ্য কৰি গৌৰীসাগৰ আৰক্ষীক খবৰ দিয়ে।

গৌৰীসাগৰ আৰক্ষী আহি নিহত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

যুৱকজনে সুৰাৰ নিচাতে ঘৰৰ ছাদৰ পৰা পিছলি পৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। দিন হাজিৰা কৰাৰ লগতে বাতৰি কাকতৰ হ’কাৰ কৰি পেট প্ৰৰ্বতোৱা যুৱকজনৰ পত্নীৰো কেইমাহ মানৰ পূৰ্বে মৃত্যু ঘটিছিল।

তিনিটাকৈ পুত্ৰ সন্তান আইতাকৰ লগত থকাৰ লগতে নিহত যুৱকজন অকৰশৰীয়াকৈ বসবাস কৰিছিল।নিহত যুৱকজনৰ ঘৰ চাৰিং দুৱৰাপাৰত বুলি জানিব পৰা গৈছে।