NORTHEAST NOW (Assamese)

নগাঁৱৰ ৰূপহীহাটত অগ্নিকাণ্ড; অগ্নিনিৰ্বাপকৰ বাহন পলমকৈ উপস্থিত হোৱাত ক্ষুভিত স্থানীয় ৰাইজ

October 30, 2019 10:00 pm · ভাৰ্গব হাজৰিকা
Updated: October 30, 2019 10:24 pm

নগাঁও জিলাৰ ৰূপহীহাটৰ দৈনিক বজাৰৰ সমীপৰ ভকত গাঁৱত আজি অৰ্থাৎ বুধবাৰে সন্ধ্যা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড।

নৰেন ৰাজখোৱা নামৰ এজন স্থানীয় লোকৰ বাসগৃহত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডটোৰ ফলত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত ভস্মীভূত হোৱাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজ আৰু ভুক্তভোগী পৰিয়ালটোৱে।

অসাৱধানবসত এটি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰা সমগ্ৰ অগ্নিকাণ্ডটোৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছতে ৰূপহীহাট আৰক্ষীয়ে একাংশ স্থানীয় ৰাইজৰ তৎপৰতাত অগ্নি নিৰ্বাপণৰ চেষ্টা চলাই যদিও বহু পলমকৈহে অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয়।

ইফালে অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰা হয় যদিও অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাক কেন্দ্ৰ কৰি চৰম অসন্তুষ্টি ব্যক্ত কৰে উপস্থিত ৰাইজে।

লগতে ৰূপহীহাটত স্থায়ীভাৱে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন দিয়াৰ দাবীত ক্ষুব্ধ স্থানীয় ৰাইজে ঘটনাস্থলীতে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

Related News