NORTHEAST NOW (Assamese)

দেওবাৰে পুৱাৰ ভাগতে সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত একেটা পৰিয়ালৰে শিশুসহ ৪ জন নিহত

June 9, 2019 12:15 pm · এন ই নাও নিউজ

ধুবুৰী জিলাৰ বিলাসীপাৰাৰ গৌৰাংনগৰত আজি পুৱাৰ ভাগতে সংঘটি এক ভয়াৱহ দুৰ্ঘটনাত একেটা পৰিয়ালৰে শিশুসহ ৪ জন লোক নিহত হয়।

ঘটনাৰ বিৱৰণি মতে বিলাসীপাৰাৰ গৌৰাংনগৰত এখন দ্ৰুতবেগী ছুইফট ডিজায়াৰ আৰু স্কৰপিঅ’ৰ মাজত মুখামুখি সংঘৰ্ষ লাগে। ফলত থিতাতে নিহত হয় শিশু সহ চাৰিজন লোক।

নিহত কেইজনক ক্ৰমে এটি দুবছৰীয়া শিশু ময়ুখ ৰায়, ৰুবুল ৰায়, দ্বীপশিখা সিংহ ৰায় আৰু ৰফিকুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাত নিহত পৰিয়ালটো গোলকগঞ্জৰ সমষ্টিৰ বিজেপি বিধায়ক অশ্বিনী ৰায় সৰকাৰ আত্মীয় আছিল বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য মতে নিহত দুৰ্ভগীয়া পৰিয়ালটো গোৱালপাৰাৰ পৰা গোলকগঞ্জলৈ গৈছিল।

ইতিমধ্যে দুৰ্ঘটনাস্থলীত বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংঘী উপস্থিত হৈ ঘটনাৰ বুজ লৈছে।

Related News