সাৱধান, ক’ৰ’ণা যোদ্ধাক আক্ৰমণ কৰিলে ২ লাখ টকা জৰিমনাসহ খাটিব লাগিব পাঁচ বছৰ কাৰাবাস!

cesare_beccaria_was_a_trail_blazer_on_capital_punishment

ক’ৰ’ণা যোদ্ধাসকলক আক্ৰমণ কৰা কোনো ব্যক্তি হয়তো আৰু বাচি নাযাব। ক’ৰ’ণা যুদ্ধত অৱতীৰ্ণ হোৱাৰ চিকিৎসক, স্বাস্থ্যকৰ্মী আদিক আক্ৰমণ কৰি আপুনি খাটিব লগা হ’ব পাৰে সৰ্বোচ্চ পাঁচ বছৰৰ কাৰাবাসৰ লগতে ২ লাখ টকা পৰ্যন্ত জৰমিনা!

ৰাজ্যসভাত এই সংক্ৰান্তীয় এক নতুন বিল গৃহীত কৰা হৈছে শনিবাৰে। মহামাৰী ৰোগ(সংশোধনী) বিল, ২০২০(Epidemic Diseases(Amendment) Bill, 2020) নামৰ এই বিলখন শনিবাৰে সংসদৰ উচ্চ সদনত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে উত্থাপন  কৰাৰ পিছত গৃহীত কৰা হয়।

আইনখনৰ মতে মহামাৰীৰ সময়ত স্বাস্থ্য পৰিসেৱাৰ সৈতে জড়িত কোনো কৰ্মীক কৰা কোনো ধৰণৰ আক্ৰমণ মানি  লোৱা নহ’ব।

কোনোৱে যদি তেনে স্বাস্থ্যকৰ্মী ওপৰত আক্ৰমণ অথবা সম্পত্তি আদি অনিষ্ট কৰে অথবা নিজৰ অঞ্চলত ক’ৰ’ণা যোদ্ধা প্ৰৱেশত বাধা প্ৰদান কৰে তেনে তেওঁৰ বিৰুদ্ধে এই আইনৰ দ্বাৰা শাস্তি প্ৰদান কৰা হ’ব।

উল্লেখ্য যে ২২ এপ্ৰিলতে এই সংক্ৰান্তীয় অৰ্ডিনেন্স আনিছিল  কেন্দ্ৰীয় চৰকাৰে। মহামাৰী ৰোগ আইন, ১৮৯৭ক সংশোধন কৰি এই অৰ্ডিনেন্সক ক’ৰ’ণা যোদ্ধাৰ লগতে ৰাজহুৱা সম্পত্তি সুৰক্ষা বাবে পাছ কৰি আইনত পৰিণত কৰোৱা হৈছে।

এই আইনৰ অধীনত কোভিড যোদ্ধাক আক্ৰমণ অথবা কোভিডৰ সৈতে জড়িত যিকোনো ৰাজহুৱা সম্পদ অনিষ্ট কৰা লোকৰ সৰ্বোচ্চ পাঁছ বছৰ পৰ্যন্ত কাৰাবাস হ’ব পাৰে।

এই নতুন আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে এজন ইন্সপেক্টৰ পৰ্যায়ৰ বিষয়াই মাত্ৰ ৩০ দিনৰ ভিতৰতে তদন্ত সমাপ্ত কৰাৰ লগতে ইয়াৰ বিচাৰ এবছৰৰ ভিতৰত শেষ কৰিব লাগিব।

কোনো লোক দোষী বা অপৰাধী প্ৰমাণিত হ’লে তিনি মাহৰ পৰা পাঁচ বছৰ পৰ্যন্ত কাৰাবাস আৰু ৫০ হাজাৰ টকাৰ পৰা ২ লাখ টকা পৰ্যন্ত জৰিমনাও ভৰিব লগা হ’ব পাৰে।