শিৱসাগৰত উপায়ুক্তৰ অধ্যক্ষতাত জিলা পানী আৰু অনাময় মিশ্যনৰ প্ৰথমখন বৈঠক অনুষ্ঠিত

ফটো : নৰ্থ-ইষ্ট নাও

শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত সোমবাৰে উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত জিলা পানী আৰু অনাময় মিশ্যনৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়।

বৈঠকত জিলাখনত ৰূপায়ণ হ’বলগীয়া কেন্দ্ৰীয় চৰকাৰৰ “জল জীৱন মিছন”ৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়।

জিলা উপায়ুক্তই এই মিশ্যনৰ সফল ৰূপায়ণৰ বাবে ইয়াৰ কাম-কাজৰ প্রতিটো স্তৰত প্রয়োজনীয় সহযোগিতা আগবঢ়াবলৈ সহযোগী বিভাগ সমূহক আহ্বান জনায়।

তেওঁ জিলাখনৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগক এই মিশ্যনৰ কাম-কাজৰ গুণাগুণ মানদণ্ড উন্নত হোৱাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি  ত্ৰুটীহীনভাভাৱে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে।

এই আঁচনিৰ সফল ৰূপায়ণৰ জৰিয়তে ৰাইজে বিশুদ্ধ খোৱাপানীৰ যোগান লাভ কৰাৰ লগতে পানীৰ পৰা সংক্ৰমণ হোৱা ৰোগ সমূহৰ পৰাও হাত সাৰিব পাৰিব বুলি উপায়ুক্ত গৰাকীয়ে দৃঢ় মত পোষণ কৰে।

তেওঁ লগতে উল্লেখ কৰে যে জিলাখনত “জল জীৱন মিছন”ৰ সফল ৰূপায়ণে প্ৰধান মন্ত্ৰীৰ ২০২৪ চনলৈ “হৰ ঘৰ জল”ৰ সপোন বাস্তৱায়িত কৰাত সহায়ক হ’ব।

উল্লেখযোগ্য যে, ভাৰত চৰকাৰে National Rural Drinking Water Programme (NRDWP) -ক জল জীৱন মিছন (Jal Jeevan Mission) লৈ সন্মিলিত কৰি ২০২৪ চনলৈ প্ৰতিটো ঘৰতে পানীৰ টেপ (Functional Household Tap Connection) সংযোজনৰ জৰিয়তে প্রতিটো পৰিয়াললৈ পানী যোগান ধৰাৰ এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে।

শিৱসাগৰ সংগমণ্ডলৰ অধীনত পানী যোগান ধৰিব লগীয়া ১,১৮,৪০৪ টা প্ৰয়ালৰ ভিতৰত মাৰ্চ, ২০২০ -ৰ ভিতৰত ৫,২০৪ টা পৰিয়াললৈ পানী যোগান ধৰা হৈছে।

এই বৈঠকত “জল জীৱন মিছন”ৰ ২০২০-২১ বৰ্ষৰ কৰ্ম আঁচনিখনক সৰ্বসন্মতি ক্ৰমে অনুমোদন জনোৱা হয়।

এই বৈঠকত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল শইকীয়া, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা সঞ্জীৱ কুমাৰ বৰদলৈ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক স্যমন্ত মাধৱ শৰ্মাকে আদি কৰি সহযোগী বিভাগ সমূহৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।