স্বামী কুকি, পত্নী মেইটি; উত্তপ্ত মণিপুৰত দম্পতীয়ে অনাথ শিশুক দিছে প্ৰেম-ভালপোৱাৰ পাঠ

কুকি-মেইটি দম্পতীয়ে আয়োজন কৰা স্বাস্থ্য শিৱিৰ। ফটো: সংগ্ৰহীত।

মণিপুৰৰ মেইটি আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘাত চলি আছে। দুয়োপক্ষৰ সংঘাতৰ বাবে বিগত কেইমাহমানৰ পৰা মণিপুৰত যুদ্ধক্ষেত্ৰৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে বহুতৰে মৃত্যু হৈছে। বহু লোক গৃহহীন হৈছে। এই পৰিৱেশৰ মাজতে আন এখন ছবি দেখা গৈছে।

পোহৰলৈ আহিছে এহাল দম্পতীৰ কাহিনী। ইয়াৰে এজন কুকি আৰু আনজন মেইটেই সম্প্ৰদায়ৰ। তেওঁলোকে বৰ সুখেৰে জীৱন-যাপন কৰি আছে। কিন্তু তেওঁলোকে কেৱল নিজে ভালে থাকি শান্তি পোৱা নাই, তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলকো শান্তি আৰু প্ৰেমৰ পাঠ দিছে।

পশ্চিম ইম্ফলৰ বাসিন্দা হাওকিপ কুকি সম্প্ৰদায়ৰ আৰু পত্নী ৰেৱাৰী মেইটি সম্প্ৰদায়ৰ। বহু বছৰ ধৰি সেই অঞ্চলত সুখেৰে বাস কৰি আহিছে। তেওঁলোকে কেৱল নিজেই ভালকৈ জীয়াই থকাই নহয়, ভৱিষ্যত প্ৰজন্মকো সপোনৰ পৃথিৱীখন দেখুৱাব বিচাৰে। সেয়ে, এই কুকি আৰু মেইটি সম্প্ৰদায়ৰ দম্পতীয়ে বিভিন্ন সম্প্ৰদায়ৰ প্ৰায় ১৮টা অনাথ শিশুক ‘শান্তি আৰু প্ৰেম’ৰ পাঠ শিকাইছে।

কুকি আৰু মেইটি সম্প্ৰদায়ৰ এই দম্পতীয়ে অনাথ শিশুক পঢ়োৱাটো অৱশ্যে এয়াই প্ৰথম নহয়। দীৰ্ঘদিন ধৰি তেওঁলোকে এই কাম কৰি আহিছে। দুয়ো মিলি এটা অনাথ আশ্ৰম চলায়।

তেওঁলোকে এই আশ্ৰমৰ ল’ৰা-ছোৱালীবোৰক বিশেষ গোষ্ঠীৰ হিচাপে পৰিচিত কৰিব নিবিচাৰে। সেয়ে, দুয়োটা সম্প্ৰদায়ৰে ভাষা শিকায় বুলি হাউকিপে জানিবলৈ দিছে। সকলো জনগোষ্ঠীৰ প্ৰতি মৰমৰ বাৰ্তা দি শিশুসকলক শিকাইছে দেশপ্ৰেমমূলক গীত ‘মা তুঝে চালাম’।

তেওঁলোকৰ সপোন এই সকলো শিশুৱে, ভৱিষ্যত প্ৰজন্মই ঘটি থকা সকলো হিংসা পাহৰি যাতে কেৱল দেশৰ নাগৰিক হ’ব পাৰে।