NORTHEAST NOW (Assamese)

ভাইৰেল ভিডিঅ’ : বৈদ্যুতিক টাৱাৰত উঠি কি কৰিলে এইগৰাকী মহিলাই

February 11, 2023 6:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 11, 2023 4:19 pm

ঝাৰখণ্ডৰ ধনবাদত বৈদ্যুতিক টাৱাৰত বগাই এগৰাকী মহিলাই সৃষ্টি কৰিলে এক চাঞ্চল্যকৰ পৰিৱেশ। ভাইৰেল হৈ পৰিছে এই কৰ্মৰ সমগ্ৰ দৃশ্য।

মহিলাগৰাকীৰ নাম সুনীতা মুৰ্মু। ইলেক্ট্ৰিক টাৱাৰৰ ওপৰলৈ সুনীতা মুৰ্মু বগাই যোৱাৰ খবৰ ওলোৱাৰ লগে লগে গাঁওখনত চাঞ্চল্য বিয়পি পৰে। খবৰ পোৱাৰ লগে লগেই আৰক্ষী উপস্থিত হ’লহি ইলেক্ট্ৰিক টাৱাৰৰ তলত। অৱশেষত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে ওখ টাৱাৰটোৰ পৰা মহিলাগৰাকীক নমাই আনিবলৈ সক্ষম হয়।

জানিব পৰা মহিলাগৰাকী এগৰাকী মানসিক ৰোগী।

ধনবাদ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলদীপ ৰোশন বাৰীয়ে জনোৱা মতে মহিলাগৰাকীক সুৰক্ষিতভাৱে নমাই থানালৈ লৈ যোৱা হয়। তাৰ পিছত আৰক্ষীয়ে পৰিয়ালৰ লোকক খবৰ দি গতাই দিয়ে মহিলাগৰাকীক।

Related News