NORTHEAST NOW (Assamese)

কোভিড আতংকৰ মাজতে গোলাঘাটত কংগ্ৰেছ এৰি অগপত যোগদান কৰিলে একাংশ কংগ্ৰেছীয়ে

May 31, 2021 2:46 pm · মীনাক্ষী ফুকন

কোভিড বিভীষিকাৰ এনে ভয়ংকৰ পৰিস্থিতিৰ মাজতে গোলাঘাটত অব্যাহত আছে দল বাগৰা প্ৰক্ৰিয়া।

অগপৰ জন্মস্থান গোলাঘাটত পুনৰ অগপ ভেটি সুদৃঢ় হোৱাৰ পথত। বিগত সময়ত অগপ শূন্য হৈ পৰা গোলাঘাটত আজি বহু কংগ্ৰেছ কৰ্মীয়ে অগপত যোগদান কৰে।
গোলাঘাট প্ৰগতি চ’ৰাত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত বহু কংগ্ৰেছ কৰ্মী অগপত যোগদান কৰি দলটোক যেন পুনৰ উদ্ধাৰৰ প্ৰচেষ্টাত এখোজ আগবঢ়ালে।

অগপৰ জিলা নেতৃত্বৰ ওচৰত প্ৰায় ৪০ গৰাকী কংগ্ৰেছ কৰ্মী যোগদান কৰিছে অসম গণ পৰিষদত।

গোলাঘাটৰ কলিয়াপানী, গোলাঘাট, পুলিবৰ আৰু আঠগাঁও পঞ্চায়তৰ সভাপতি মাটিখোলা, মক্ৰং আৰু আঠগাওৰ পঞ্চায়তৰ এ.পি মেম্বাৰ সৈতে ৪০ গৰাকীকৈ লোকে আজি আনুষ্ঠানিকভাৱে যোগদান কৰে অগপত।

কংগ্ৰেছৰ নেতৃত্ব অভাৱত বাৰুকৈয়ে অসুৰক্ষিত অনুভৱ কৰা এইসকল কংগ্ৰেছ কৰ্মীয়ে ৰাজ্যৰ উন্নয়ন স্বাৰ্থত অগপ যোগদান কৰা বুলি উল্লেখ কৰি মিত্ৰজোঁট চৰকাৰৰ প্ৰতি গভীৰ আস্থা প্ৰকাশ কৰে।

Related News