জাগুনত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ১২ বছৰীয়া কিশোৰৰ মৃত্যু

ৰাজ্যত বৰ্তমান বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে। এই মহামাৰী ৰোগে বৰ্তমানলৈকে বহু লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ সময়তে জাগুনৰ উদয়পুৰত পুনৰ এজন ১২ বছৰীয়া কিশোৰে এই ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাব লগীয়া হয়।

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হোৱা কিশোৰজনক অমন উপাধ্যায় বুলি চিনাক্ত কৰা হৈছে।

মৃত অমন উপাধ্যায় কাকপথাৰ নৱোদয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ আছিল।

বিগত ১৪ দিন ধৰি ছাত্ৰজন ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল।

মূৰৰ বিষ আৰু জ্বৰত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা ছাত্ৰজনক চিকিৎসকে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা বুলি ঘোষণা কৰিছিল।

ইফালে ১২ বছৰীয়া এটি কিশোৰে এনেদৰে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা ঘটনাই অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।