গোলাঘাট নগৰত উদ্ধাৰ বোকাখাতৰ ধোবাআটি গাঁৱৰ নিৰুদিষ্ট মহিলা

IMG-20200826-WA0141~2

বোকাখাত মহকুমাৰ ধোবাআটি গাঁৱৰ পৰা জুন মাহকে পৰাই সন্ধানহীন হৈ থকা এগৰাকী মহিলাক আজি গোলাঘাট নগৰৰ পৰা উদ্ধাৰ কৰা হয়৷

গোলাঘাটৰ ৰাজেন্দ্ৰ নাথ বৰুৱা সেতুৰ পদ পথতে বহি থকা অৱস্থাত ফিজু দলে আৰু বিৰাট দলে নামৰ যুৱক দুজনে প্ৰত্যক্ষ কৰে মহিলা গৰাকীক৷

ফিজু দলে ধোবাআটি গাঁৱৰে যুৱক হোৱাৰ বাবে পদ পথত বহি থকা প্ৰেমদা পেগু কাৰ্ডং নামৰ মহিলা গৰাকীক চিনিব পাৰে৷

যুৱক জনে বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু বোকাখাতৰ মহকুমা আৰক্ষী বিষয়াক বিষয়তো অৱগত কৰাৰ পাচত বোকাখাত আৰক্ষীয়ে গোলাঘাটৰ আৰক্ষীৰ সহযোগত মহিলা গৰাকীক উদ্ধাৰ কৰি বোকাখাতলৈ আনে৷

উল্লেখ্য যে, চলিত বৰ্ষৰ ১৫ জুনৰ পৰা সন্ধানহীনহৈ আছিল মহিলা গৰাকী।

মহিলা গৰাকী নিৰুদিষ্ট হোৱাৰ পিছতে পৰিয়ালৰ লোক বোকাখাত আৰক্ষী থানাত মহিলা গৰাকী নিৰুদ্দেশ সম্পৰ্কত এক এজাহাৰো দাখিল কৰিছিল৷

তিনিমাহ ধৰি সন্ধানহীন হৈ আছিল প্ৰমদা পেগু কাৰ্ডং নামৰ মহিলা গৰাকী৷ মহিলা গৰাকীৰ স্বামী ধোবাআটি গাঁৱৰ পদ্ম কাৰ্ডং৷