NORTHEAST NOW (Assamese)

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

May 11, 2025 6:46 pm · এন ই নাও, গুৱাহাটী
Updated: May 11, 2025 6:52 pm

আজি মাতৃ দিৱস। সমগ্ৰ বিশ্বতেই সন্তান সকলে নিজ নিজ মাতৃয়ে তেওঁলোকৰ বাবে কৰা ত্যাগ আৰু স্নেহৰ কথা স্বীকাৰ কৰি মাতৃ দিৱস উদযাপন কৰিছে। তাৰ মাজতে গুৱাহাটীত সংঘটিত হৈছে মাতৃ সমাজক লজ্জানত কৰা এক ঘটনা।

পৰকীয়া প্ৰেমৰ বাবেই নিজ গৰ্ভজাত সন্তানক হত্যা কৰিছে এগৰাকী মাতৃয়ে। প্ৰেমিকৰ সৈতে থকা সম্পৰ্কৰ মাজৰ বাধ দূৰ কৰাৰ উদ্দেশ্যেৰে প্ৰেমিকৰ সৈতে মিলি নিজৰ ১০ বছৰীয়া মৃণ্ময় নামৰ সন্তানক হত্যা কৰিলে এইগৰাকী মাতৃয়ে।

খবৰ অনুসৰি, স্কুলৰ পৰা ঘৰলৈ উভটাৰ পথত শিশুটিক হত্যা কৰে দিপালী ৰাজবংশী নামৰ মাতৃগৰাকীয়ে।


শিশুটিক হত্যা কৰাই নহয়, শৰীৰটো টুকুৰা টুকুৰকৈ কাটি এটা ট্ৰলীত ভৰাই পেলাই দিয়াৰ চেষ্টা কৰিছিল দিপালী ৰাজবংশী আৰু তেখেতৰ পৰকীয়া প্ৰেমিক জ্যোতিমৰ্য় হালৈয়ে। ইতিমধ্যে দুয়োকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Related News