NORTHEAST NOW (Assamese)

মহানগৰীৰ পেয়িং গেষ্টত বহি:ৰাজ্যৰ যুৱতীৰ মৃতদেহ উদ্ধাৰ

August 22, 2022 1:25 pm · জাহ্নৱী বৰুৱা, গুৱাহাটী

গুৱাহাটী মহানগৰীৰ এটা পেয়িং গেষ্টত বহি:ৰাজ্যৰ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

গুৱাহাটীৰ উলুবাৰীৰ হৰবালা পথত থকা পেয়িং গেষ্ট এটাত সন্ধিয়া ৫ বজাত সংঘটিত হয় এই ঘটনা।

লগতে পঢ়ক: Nayyara Noor: অসমত জন্মগ্ৰহণ কৰা পাকিস্তানৰ ‘বুলবুল’ কিংবদন্তি গায়িকা নায়াৰা নুৰৰ পৰলোকপ্ৰাপ্তি

পেয়িং গেষ্ট টোৰ বাথৰুমত যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। যুৱতী গৰাকীৰ নাম সৰ্মিতা ঘোষ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে ২১ বছৰীয়া যুৱতী গৰাকীৰ ঘৰ পশ্চিমবংগৰ আলিপুৰ দুৱাৰত।  যুৱতী গৰাকীয়ে গুৱাহাটীত নাৰ্চিং প্ৰশিক্ষণৰ পাঠ্যক্ৰম অধ্যয়ন কৰি আছিল।

লগতে পঢ়ক: Manish Sisodia: বিজেপিত যোগদান কৰিলেই তুলি ল’ব সকলো গোচৰ; মেচেজ পাইছে দিল্লীৰ উপ মুখ্যমন্ত্ৰী চিছোদিয়াই!

পেয়িং গেষ্ট টোৰ পৰা পল্টনবজাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃতদেহ। প্ৰাথমিক তদন্তত যুৱতীগৰাকীয়ে আত্মহত্যা কৰা বুলি অনুমান কৰা হৈছে।

Related News