• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অনাকাংক্ষিত শিশুক তুলি লোৱাৰ বাবে ডিমাপুৰত ‘ক্ৰেডেল অব হ’প’ প্ৰকল্পৰ উন্মোচন

এন ই নাও নিউজ by এন ই নাও নিউজ
November 20, 2018 2:26 pm
2018_11$large_home

ক্ৰেডেল অব হ’প’ প্ৰকল্প উদ্বোধনৰ সময়ত নাগালেণ্ডৰ সমাজ কল্যাণ উপদেষ্টা নোকে ৱাংনাও

123
VIEWS
Share on FacebookShare on Twitter

পৰিত্যক্ত শিশুৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে নাগালেণ্ডৰ ‘ক্ৰেডেল অব হ’প’ প্ৰকল্পই। ১৯ নৱেম্বৰ সোমবাৰে ডিমাপুৰত এই প্ৰকল্পটো আৰম্ভ কৰা হৈছে। সমাজ কল্যাণ বিভাগৰ শিশু কল্যাণ সেৱাৰ অধীনস্থ ‘ক্ৰেডেল অব হ’প’ প্ৰকল্পটো উদ্বোধন কৰিছে সমাজ কল্যাণ বিভাগৰ উপদেষ্টা নোকে ৱাংনাওৱে।

এই প্ৰকল্পটোৰ সৈতে সংগতি ৰাখি ডিমাপুৰৰ আৰক্ষী থানা, চিকিৎসালয়, ৰাজহুৱা জনস্বাস্থ্য কেন্দ্ৰ, অংগনৱাড়ী কেন্দ্ৰ আৰু শিশু যত্ন কেন্দ্ৰকে ধৰি ধৰি ৯০টা গুৰুত্বপূৰ্ণ স্থান চিনাক্ত কৰি এই প্ৰকল্প স্থাপন কৰা হ’ব। এই স্থানসমূহ জিলা শিশু সুৰক্ষা গোট, শিশু কল্যাণ সমিতি আৰু চাইল্ড লাইনৰ সৈতে সংযুক্ত থাকিব আৰু গাঁও/ৱাৰ্ড শিশু সুৰক্ষা সমিতিৰ ওপৰত ন্যস্ত থাকিব।

‘ক্ৰেডেল অব হ’প’ কিছুমান এনে স্থানত স্থাপন কৰা হৈছে যাতে নিজৰ চিনাকী প্ৰকাশ নকৰাকৈ তেওঁৰ পীড়িত শিশুটিক ইয়াত থব পাৰে। এই প্ৰকল্পটোৰ প্ৰধান উদ্দেশ্য হৈছে  যাতে পৰিত্যক্ত আৰু অনাকাংক্ষিত কেঁচুৱাক মৰমেৰে ভৰা এখন সঠিক ঘৰ প্ৰদান কৰিব পাৰি। নাগালেণ্ড শিশু সুৰক্ষা সেৱাৰ সঞ্চালক চুবাইনলা জমিৰে কৈছে যে নাগলেণ্ডত যথেষ্ট সংখ্যক শিশুক ড্ৰেইনত, জাবৰ পেলোৱা স্থানত অতি দুখজনক অৱস্থাত পেলাই থৈ যায়।

তেওঁ আৰু কৈছে যে অপৰিকল্পিত গৰ্ভধাৰণ, দাৰিদ্ৰ্যৰ বাবে পিতৃ-মাতৃয়ে সন্তানক ত্যাগ কৰিবলৈ বাধ্য হয় কিন্তু অধিকাংশকেই অতি বেয়া স্থানত পেলাই থোৱা দেখা যায়। ঘাইকৈ শিক্ষাৰ অভাৱ আৰু আইনগতভাৱে সন্তানক সমৰ্পণ কৰি সেই সন্তানৰ উজ্জল ভৱিষ্যত নিশ্চিত কৰাৰ অধিকাৰ সম্পৰ্কে থকা অজ্ঞতাৰ বাবে এনেদৰে নিজৰ সন্তানক ত্যাগ কৰে।

এই প্ৰকল্পটোৱে প্ৰতিখন জিলাত কেন্দ্ৰীয় দত্তক সমল প্ৰাধিকৰণ (Central Adoption Resource Authority অৰ্থাৎ CARA) স্থাপন কৰি বিশেষীকৃত দত্তক এজেঞ্চি (Specialized Adoption Agency অৰ্থাৎ SAA) স্থাপন কৰাৰ সমস্যাও সমাধান কৰিব। এই প্ৰকল্পৰ অধীনত গ্ৰহণ কৰা প্ৰতিটোৱেই শিশু কল্যাণ সমিতিৰ জৰিয়তে শিশু ওচৰৰ বিশেষীকৃত দত্তক এজেঞ্চিৰ সৈতে যুক্ত থাকিব।

এই পাইলট প্ৰজেক্টটো উন্মোচন অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰডিগালছ’ হোমে (Prodigals’ Home) সংকলিত কৰা গ্ৰন্থ ‘Naga Customary Practices of Child Adoption’ উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে নোকে ৱাংনাওৱে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd