ফেচবুক কৰ্ণাৰ : সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক পৰিৱেশক লৈ কবি নীলিম কুমাৰে লিখা এটা কবিতাই লগাইছে তোলপাৰ

সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক পৰিৱেশক লৈ কবি নীলিম কুমাৰে লিখা এটা কবিতাই লগাইছে তোলপাৰ। কবি নীলিম কুমাৰে উক্ত কবিতাটো ফেচবুকত আপলড কৰাৰ পিছতেই এতিয়া সামাজিক মাধ্যম বিয়পি পৰিছে উক্ত প্ৰতিবাদী কবিতাটো – 

 

সেই জন্তুটোৰ নাম কি ?

কবি – নীলিম কুমাৰ
সেই জন্তুটোৰ নাম কি
যাৰ ভোক নুগুচে
যিয়ে নাজানে তাৰ পেটৰ জোখ
নাজানে কিমান লাগে
তাক খাদ্য !
সৰ্বভুক সেই জন্তুটো
তাৰ নাম কি ?
কি নাখায় সি_
মাটিবোৰ , ঘৰবোৰ , দলংবোৰ
পুখুৰীবোৰ , গছবোৰ , নদীৰ দুপাৰ …
সেই জন্তুটোৰ নাম কি
যাৰ ভোক নুগুচে
অহৰহ থাকে
ভোকত !
হাঁহি হাঁহি খায় সি
কাগজবোৰ , টিভিবোৰ , পথাৰবোৰ
পাহাৰবোৰ , বাগিছাবোৰ
মানুহৰ সপোনবোৰ …
তাৰ গোটেই পৰিয়ালটো
এতিয়া ভোকত
সেই জন্তুটোৰ নাম কি
যাৰ ভোক নুগুচে ,
যিয়ে নাজানে তাৰ
পেটৰ ভোক !
সকলোৱে তাৰ কাৰণে প্ৰাৰ্থনা কৰক _
যাতে আতৰি যায় তাৰ মাৰাত্মক ভোক ,
যাতে ক্ষান্ত হয় তাৰ পেটৰ অগনি ,
যাতে স্বস্তিৰ নিশ্বাস পেলাব পাৰে সকলোৱে !