• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2025 1:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰঙা বলৰ ক্ৰিকেটত তেওঁক পুনৰ দেখা যাব নে নাই তাকলৈ জল্পনা-কল্পনা বাঢ়ি আহিছিল। অনুৰাগীৰ প্ৰাৰ্থনা, ব’ৰ্ডৰ কৰ্মকৰ্তাসকলৰ অনুৰোধ একোৱেই কামত নাহিল। ভাৰতীয় তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে। সোমবাৰে তেওঁ নিজৰ ইনষ্টাগ্ৰাম পোষ্টত এই কথা ঘোষণা কৰে।

কোহলীয়ে লিখিছে, ‘টেষ্ট ক্ৰিকেটত ব্যাগী ব্লু জাৰ্চি পিন্ধা আজি ১৪ বছৰ হ’ল। সঁচা কথা ক’বলৈ গ’লে এই ফৰ্মেটে মোক ইমান দূৰলৈ লৈ যাব বুলি মই কেতিয়াও কল্পনা কৰা নাছিলো। টেষ্ট ক্ৰিকেটে মোক প্ৰস্তুত কৰিছে। ক্ৰিকেটৰ এই দীঘলীয়া ফৰ্মেটটোৱে মোক যি শিক্ষা দিছে, সেয়া আজীৱন পাথেয়।‘

Apply Now

কোহলীয়ে লগতে লিখিছে, ‘এই ফৰ্মেটৰ পৰা আঁতৰি যোৱাটো সহজ নাছিল। কিন্তু এনে লাগে যেন এইটোৱেই আদৰ্শ সময়। টেষ্ট ক্ৰিকেটক যিমানখিনি দিছো তাতকৈ বহু বেছি উভতাই পাইছো। মই কৃতজ্ঞ। কিন্তু যাবই লাগিব। মই সদায় হাঁহিমুখে মোৰ টেষ্ট কেৰিয়াৰলৈ উভতি চাম।’

আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটৰ পৰা তেওঁৰ অৱসৰ লোৱাৰ লগে লগে ‘বিৰাট যুগ’ৰ অন্ত পৰিল। ২০২৪ চনত টি-২০ বিশ্বকাপ জয় কৰাৰ পাছত ইতিমধ্যে ক্ৰিকেটৰ এই চুটি ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ‘কিং’ কোহলীয়ে ।

ইতিমধ্যে জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। খবৰ অনুসৰি অষ্ট্ৰেলিয়াত অনুষ্ঠিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ সময়ত কোহলীয়ে কেইবাবাৰো সতীৰ্থসকলক সোঁৱৰাই দিছিল যে তেওঁৰ টেষ্ট কেৰিয়াৰ অতি সোনকালে শেষ হ’ব। সেই সময়ত প্ৰায় কোনেও গুৰুত্ব দিয়া নাছিল। বহুতে ভাবিছিল যে তেওঁ হয়তো ধেমালি কৰিছে।

শেহতীয়াকৈ ৰোহিত শৰ্মাই অৱসৰ লোৱাৰ পিছত কোৱা হৈছিল যে কোহলীয়েও দীঘলীয়া ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত বিচিচিআইক অৱগত কৰিছে। অৱশ্যে ইংলেণ্ড ভ্ৰমণৰ গুৰুত্ব বুজি ব’ৰ্ডে তেওঁক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনায়। কিন্তু ব’ৰ্ডৰ অনুৰোধত কোহলীয়ে সিদ্ধান্ত ভংগ নকৰিলে। নিজৰ সিদ্ধান্তত দৃঢ়তাৰে থিয় দি তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।

শেহতীয়াকৈ বিৰাটে ভাৰতীয় জাৰ্চি পিন্ধি খেলা চেম্পিয়নছ ট্ৰফীত টীম ইণ্ডিয়া  জয়ী হৈছে। আই পি এলতো তেওঁ দুৰ্দান্ত ফৰ্মত আছে। ইমান দুৰন্ত ফৰ্মৰ মাজতো বিৰাটে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্তত অনুৰাগীসকল হতাশ হৈ পৰিছে। ইংলেণ্ড শৃংখলাৰ পূৰ্বে এই সিদ্ধান্ত লোৱাৰ বাবে ভাৰতীয় দলত চাপ বাঢ়িল।

কোহলীয়ে নিজৰ বৰ্ণিল টেষ্ট কেৰিয়াৰত ১২৩খন মেচ খেলি ৯২৩০ ৰান সংগ্ৰহ কৰে। গড় ৪৬.৮৫। বিৰাটৰ নামত ৩০ টা শতক আৰু ৩১টা অৰ্ধশতক আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd