শিৱসাগৰত “জাতীয় প্ৰেম আৰু নৱ-প্ৰজন্মৰ ভূমিকা” শীৰ্ষক বক্তৃতা অনুষ্ঠান সম্পন্ন

Sivasagar

তিনি দশকৰো অধিক কাল ধৰি সামাজিক জীৱনৰ লগত সংপৃক্ত হৈ সমাজৰ সামগ্ৰীক উত্তৰণৰ বাবে কাম কৰি যোৱা সমাজকৰ্মী তথা ক্ৰীড়া সংগঠক পোনাৰাম মিলিৰ আজি ৫৯ সংখ্যক জন্মদিন উদযাপন কৰা হয় ।

শিৱসাগৰ যুৱদলত নতুন প্ৰজন্মৰ প্ৰতিভা সমুহক অনুপ্ৰাণিত কৰা আৰু পিছপৰা সমাজৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে গঠিত সামাজিক অনুষ্ঠান ‘প্ৰণিপাত অসমী’ৰ উদ্যোগত উদযাপন কৰা সমাজকৰ্মী তথা ক্ৰীড়া সংগঠক পোনাৰাম মিলিৰ জন্মদিনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা “জাতীয় প্ৰেম আৰু নৱ-প্ৰজন্মৰ ভূমিকা” শীৰ্ষক বক্তৃতা অনুষ্ঠানত ধেমাজিৰ গোগামুখ এন চি ডি কলেজৰ অধ্যক্ষ ড° সুৰজিৎ দলে সমল ব্যক্তি হিচাবে উপস্থিত থাকে ।

পোনাৰাম মিলিৰ ৫৯ সংখ্যক জন্মদিন উদযাপন অনুষ্ঠানত শিৱসাগৰৰ যথেষ্টসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি সমাজকৰ্মী তথা ক্ৰীড়া সংগঠক জনক সম্বৰ্ধনা জনায় ।