NORTHEAST NOW (Assamese)

নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ পৰা অতি বিৰল প্ৰজাতি ৰেড চেৰ’ বা দেও ছাগলী উদ্ধাৰ

March 5, 2022 2:43 pm · উত্তম শইকীয়া, বোকাখাত
ফটো: নৰ্থইষ্ট নাও।

গোলাঘাট জিলাৰ মেৰাপানীৰ পৰা স্থানীয় লোকৰ সহযোগত গোলাঘাট বন সংমণ্ডলে আজি এটা অতি বিৰল প্ৰজাতিৰ দেও ছাগলী বা ৰেড চেৰ’ উদ্ধাৰ কৰে ৷

নাগালেণ্ডৰ পাহাৰত জুম খেতিৰ বাবে বনাঞ্চলত হোৱা অগ্নি সংযোগৰ পৰিপ্ৰেক্ষিততে এই দেও ছাগলীতো পাহাৰৰ পৰা নামি মেৰাপানীৰ জনাঞ্চলত প্ৰৱেশ কৰা বুলি সন্দেহ কৰিছে স্থানীয় লোকে৷

গোলাঘাট বন বিভাগে মেৰাপানীৰ পৰা উদ্ধাৰ কৰা আহত দেও ছাগলীটো পিছত কাজিৰঙাৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: ২১ দিনৰ পিছত অৱশেষত উদ্ধাৰ হ’ল আমগুৰিৰ দ ঘৰফলীয়া গাঁৱৰ নিৰুদ্দিষ্ট ছাত্ৰী

মানুহৰ আক্ৰমনত গুৰুৰৰভাৱে আহত হোৱা দেও ছাগলীটো সম্প্ৰতি বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত চিকিৎসা প্ৰদান কৰি পৰ্যবেক্ষণৰ বাবে ৰখা হৈছে ৷

উল্লেখ্য যে ৰেড চেৰ’ বা দেও ছাগলী বিচৰণ বাংলাদেশ আৰু ম্যানমাৰৰ লগতে ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণ পাৰৰ পাহাৰীয়া অঞ্চলবোৰত দেখিবলৈ পোৱা যায় ৷

Related News