অসমৰ আই নদীত ধৰা পৰিল বিৰল প্ৰজাতিৰ ঘঁৰিয়ালৰ উপস্থিতি; শিল দলিয়াই হত্যা স্থানীয় লোকৰ

Gharial_Final

আই নদীত উদ্ধাৰ কৰা ঘঁৰিয়ালটো।

চিৰাঙৰ আই নদীৰ উজনি অংশত এটা বিৰল প্ৰজাতিৰ ঘঁৰিয়ালৰ অৱস্থিতি ধৰা পৰিছে আৰু ই জীৱবিজ্ঞানী, প্ৰকৃতিপ্ৰেমীৰ বাবে উৎসাহদায়ক খবৰ হিচাপে বিবেচিত হৈছে।

নদীখনৰ নিজলাগুৰিৰ শ্লুইচগেইটৰ ওচৰৰ এই অঞ্চলটো ভাৰত-ভূটান সীমান্তৰ পাদভূমিত পৰে।

অৱশ্যে বাম পানীত ধৰা দিয়াৰ পিছতে ঘঁৰিয়ালটোক স্থানীয় লোকে শিল দলিয়াই হত্যা কৰে।

৮ অক্টোবৰত ঘঁৰিয়ালটোৰ অৱস্থিতিৰ বিষয়ে অৱগত হৈ বন বিভাগ ঘটনাস্থলীত উপস্থিত হয় যদিও মৃত অৱস্থাতহে ঘঁৰিয়ালটো উদ্ধাৰ কৰিব পাৰে, চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে ই টি ভি ভাৰত নামৰ বাতৰি প্ৰতিষ্ঠানটোৰ আগত এই কথা কয়।

Gavialis gangeticus বৈজ্ঞানিক নামৰ মাইকী ঘঁৰিয়ালটোৰ দৈৰ্ঘ্য ৬ ফুট ৫ ইন্সি বুলি বন বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

বন বিষয়া পাতিৰীৰ মতে, পাহাৰৰ পাদভূমিত এইবিধ ঘঁৰিয়ালৰ অৱস্থিতি অত্যন্ত বিৰল আৰু ইয়াক ঘাইকৈ গংগা-ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা আৰু প্লাৱনভূমিত বিচৰণ কৰা দেখা যায়।

অসমত ইয়াৰ উপস্থিতি বহুদিনৰ পূৰ্বেই অন্ত পৰা বুলি ধাৰণা কৰা হৈছিল যদিও এতিয়াও ইয়াৰ প্ৰাকৃতিক উপস্থিতি জীৱবিজ্ঞানীসকলৰ বাবে গৱেষণাৰ সমল বুলি তেওঁ জানিবলৈ দিয়ে।

“আই নদীৰ বেছিনত ঘঁৰিয়াৰ অৱস্থিতি আমি পাইছো আৰু ইয়াৰ কাৰণে এটা বৃহৎ ধৰণৰ গৱেষণা প্ৰয়োজন আছে। ইতিমধ্যে সকলোকে জনাই দিয়া হৈছে যে ইয়াৰ গৱেষণা কৰা উচিত। এই দুষ্প্ৰাপ্য ঘঁৰিয়ালবিধ যদি আই নদীত আছে এইটো অসমৰ কাৰণে এটা নতুন দিশ উপলব্ধ হ’ব।

ঘঁৰিয়ালটোৰ মৃতদেহটো ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা আৰু জিনীয় সামগ্ৰী সংগ্ৰহৰ বাবে প্ৰেৰণ কৰা হৈছে, ই টি ভি ভাৰতক জনায় পাতিৰীয়ে।