দেশত পুনৰ সংঘটিত ৰেল দুৰ্ঘটনা! পথচ্যুত চিএছএমটি শালিমাৰ এক্সপ্ৰেছ

মহাৰাষ্ট্ৰৰ নাগপুৰৰ সমীপত ১৮০২৯ চি এছ এম টি শালিমাৰ এক্সপ্ৰেছ ৰেলপথৰ পৰা ওলাই আহিল। মঙলবাৰে নাগপুৰৰ কালামনা ষ্টেচনৰ সমীপত ৰেলখনৰ দুটা ডবা ৰেলপথৰ পৰা ওলাই যায়। অৱশ্যে এই ঘটনাত এতিয়ালৈকে কোনো লোক হতাহতিৰ খবৰ পোৱা নাই।

ৰে’ল দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে ৰে’লৱেৰ শীৰ্ষ বিষয়াসকলে সেই স্থানত উপস্থিত হয়। ৰেলৱেৰ অভিযন্তাও সেই স্থানত উপস্থিত হয়। ৰে’লৱেৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ৰে’লখন ৰেলপথৰ পৰা ওলাই যোৱাৰ বাবে সেই শাখাৰ সেৱা ব্যাহত হৈ পৰিছে। অৱশ্যে ৰে’লৰ ডবাবোৰ ক্ষিপ্ৰতাৰে তুলি লৈ স্বাভাৱিক সেৱা পুনৰ ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

দক্ষিণ-পূব-মধ্য ৰে’লৱেৰ জ্যেষ্ঠ ডিচিএম দিলীপ সিঙে জনোৱা মতে, দুপৰীয়াৰ ভাগত কালামনা ৰে’লৱে ষ্টেচনৰ সমীপত চিএছএমটি শলিমাৰ এক্সপ্ৰেছ ৰেলপথৰ পৰা ওলাই যায়। ৰেলখনৰ এছ ২ ডবা আৰু পাৰ্চেল ভ্যান ৰেলপথৰ পৰা ওলাই যায়। অৱশ্যে এই ঘটনাত কোনো লোক আহত হোৱা নাই। যাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে ৰেলৱেই আৰম্ভ কৰিছে হেল্পলাইন।

১৭ অক্টোবৰত আগৰতলাৰ পৰা মুম্বাই অভিমুখী লোকমান্য তিলক এক্সপ্ৰেছৰ একাধিক ডবা ৰেলপথৰ পৰা ওলাই আহিছিল। অসমৰ লামডিং শাখাৰ দিবালং ষ্টেচনৰ সমীপত ৰেলপথৰ পৰা ওলাই যায় ৰেলখন। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে ৰে’লখনৰ ইঞ্জিন, পাৱাৰ গাড়ীকে ধৰি ৮টা ডবা ৰে’লৰ পৰা ওলাই যায়।

বাৰে বাৰে ৰেলপথৰ পৰা নামি অহাৰ বাবে ৰে’ল যাত্ৰীৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ দীৰ্ঘ দূৰত্বৰ ৰে’ল দুৰ্ঘটনাৰ ধাৰাবাহিকতাই সেই প্ৰশ্নটোক আৰু অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে। ১১ অক্টোবৰত তামিলনাডুৰ কাবাৰাপেট্টাইত এখন দীৰ্ঘ দূৰত্বৰ ৰে’লে মালবাহী ৰে’লত খুন্দা মাৰে। ১২টা কোঠা ৰেলপথৰ পৰা ওলাই আহিল। সেইবাৰ কোনো যাত্ৰী গুৰুতৰভাৱে আহত হোৱা নাছিল। অৱশ্যে আতংকিত হৈ পৰে ৰে’ল যাত্ৰীসকল। এমাহৰ ভিতৰত একেৰাহে তিনিটাকৈ ৰে’ল দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত পুনৰ প্ৰশ্ন উত্থাপন হৈছে।