নেলী ঠাইখনৰ নামটো হয়তো অকল অসমবাসীৰ বাবেই নহয়, বিশ্ববাসীৰ মাজতো অসমৰ এই সৰু ঠাইখনৰ নামটো কম-বেছি পৰিমাণে সকলোৰে বিদিত। ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীৰ দিনটোত তেতিয়াৰ অবিভক্ত নগাওঁ জিলাৰ নেলীত সংঘটিত হোৱা সমগ্ৰ দেশ কঁপাই যোৱা নৰসংহাৰৰ স্পৰ্শকাতৰ ঘটনাৰ প্ৰায় চাৰিটা দশকৰ পিছত এই ঘটনা বিষয়ক নিৰ্মিত অসমীয়া চলচ্চিত্ৰ নেলীৰ কথাৰ বিষয়েই আজিৰ এই লিখা। গত ৮ ডিচেম্বৰ তাৰিখে কলকাতা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হৈ যোৱা এই ছবিখন বৰ্তমান অসমৰ ভিন্ন ছবিগৃহত চলি আছে।
নেলীৰ কথাৰ কাহিনী, চিত্ৰানাট্য আৰু পৰিচালনা পাৰ্থজিৎ বৰুৱাৰ। উল্লেখনীয় যে চলচ্চিত্ৰ সমালোচক তথা তথ্যচিত্ৰ নিৰ্মাতা পাৰ্থজিৎ বৰুৱাৰ এইখন প্ৰথমখন পূৰ্ণদৈঘ্যৰ ছবি। চিনেমাৰ আৰম্ভণি হয় বিশাল নীলাভ আকাশৰ দৃশ্যৰে। বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ৰাজীৱ পাটৰ(অৰ্ঘ্যদ্বীপ বৰুৱা)ৰ গৱেষণাৰ বিষয়বস্তু নিৰ্বাচনক কেন্দ্ৰ কৰি কাহিনীৰ আৰম্ভণি। মাজে মাজে নেলীৰ দুখৰীয়া ছবি। কিছুক্ষণৰ সংলাপহীন দৃশ্যাংশ চলে আৰম্ভণিত। তাৰপিছত কাহিনী আগবাঢ়ে। প্ৰথমেই উল্লেখ কৰিব লাগিব নেলীৰ কথাৰ কাহিনী আৰু চিত্ৰনাট্যৰ কথা।
কাহিনী তথা চিত্ৰানাট্যখনৰ যোগেদি কাহিনীকাৰে মূলতঃ দৰ্শকক কি দেখুৱাবলৈ বিচৰা হৈছে সেয়া সমগ্ৰ চিনেমাখনতেই অস্পষ্ট হৈ থাকিল। অৰ্থাৎ ছবিখনৰ মূল বিষয়বস্তু কি সেয়া অন্তিম দৃশ্য পৰ্যন্ত স্পষ্ট হৈ নুঠিল। ছবিখনৰ পিছৰ পৰ্যায়ত ইয়াৰ মূল বিষয়বস্তু বা উপজীব্য স্পষ্ট হ’ব হোৱাৰ পৰিৱৰ্তে অত্যধিক বৰ্ণনাধৰ্মীতাৰ প্ৰয়োগ হ’ল। তদুপৰি অতি মন্থৰ গতিত কাহিনী কথন চলি থাকে। কাহিনী আৰু চিত্ৰনাট্যৰ দুৰ্বলতাৰ বাবে ছবিখনে এঢাপ আগুৱাই পুনৰ ছন্দ হেৰুৱাই পেলায়। কোনোখিনিতেই পৰৱৰ্তী দৃশ্যাংশত কি ঘটিব বা দৰ্শকে দেখিবলৈ পাব, তাক লৈ কোনোধৰণৰ আগ্ৰহ বা উৎকন্ঠা জাগি নুঠে।
বহু সময়ত এখন তথ্যচিত্ৰ চাই থকাৰ দৰেই অনুভৱ হৈছিল যদিও হঠাতে মাজত আহি পৰা কিছুমান নাটকীয় দৃশ্যাই নেলীৰ কথাক তথ্যচিত্ৰ কৰিও নাৰাখিলে। ইমান এক স্পৰ্শকাতৰ বিষয় বা দুৰ্ঘটনাক লৈ কোনো পক্ষপাতিত্বমূলক স্থিতি যিহেতু নাছিলে ছবিখনত, কাহিনীটোক এক মসৃণ গতিশীলতা দিয়াৰ লগতে এক ছন্দোবদ্ধতা দিয়া হয় নেলীৰ কথাও এখন গুৰুত্বপূৰ্ণ তথা উপভোগ্য ছবি হৈ উঠাৰ সম্ভাৱনা আছিল। আৰু এনেবোৰ কাৰণতেই ছবিখনে কোনোধৰণৰ আৱেগৰেই উদ্ৰেক কৰিবলৈ সক্ষম নহ’ল, যাৰ বাবে ছবিখনৰ লগত কোনোধৰণে সংযুক্ত অনুভৱ কৰাও নগ’ল।
লগতেই চিনেমাখনত মূল কাহিনীৰ মাজত অপ্ৰয়োজনীয়ভাৱে কিছুমান দৃশ্যাংশ যোগ কৰা হৈছে, যিবোৰ দৃশ্যাংশই ছবিখনৰ দৈৰ্ঘ্য বৃদ্ধি কৰাৰ লগতে আমনিদায়কো কৰি তুলিছে। যেনে আৰম্ভণি আৰু শেষৰ অংশত অৰ্ঘ্যদ্বীপ বৰুৱাৰ, সুনয়না দত্তৰ সৈতে কথোপকথনৰ দৃশ্য তিনিটা, পাণবজাৰত কিতাপৰ দোকানত লেখক জন(মিন্টু বৰুৱা)ক লগ পাই হোৱা বাৰ্তালাপ, ৰুবেনাৰ লগত ‘মানুহে মানুহৰ বাবে’ গোৱা-এনেবোৰ দৃশ্যৰ কথা এইক্ষেত্ৰত উল্লেখ কৰিব পাৰি। সুমন দুৱৰাৰ চিনেমেট’গ্ৰাফীৰ কাম প্ৰশংসনীয়। শব্দগ্ৰহণ তথা শব্দ সংমিশ্ৰণৰ দিশ উন্নত। সম্পাদনাৰ দিশ কিছু দুৰ্বল।
নেলীৰ কথাৰ চৰিত্ৰ নিৰ্বাচনৰ কথা উল্লেখ কৰিব লাগিব। ছবিখনৰ প্ৰায়বোৰ চৰিত্ৰৰেই নিৰ্বাচন সমুচিত। যদিওবা মুখ্য চৰিত্ৰত অভিনয় কৰা অৰ্ঘ্যদ্বীপ বৰুৱাৰ অভিনয়ত তেওঁৰ পূৰ্বৰ অভিনীত ছবিৰ দৰে সহজ অভিনয় দেখিবলৈ পোৱা নগ’ল। বৰঞ্চ কিছু কিছু দৃশ্যত, বিশেষকৈ বিচলিত হোৱা বা উদ্বিগ্নতাত ভোগাৰ দৃশ্যত তেওঁৰ অভিনয় যথেষ্ট অসহজ আছিল বা চৰিত্ৰত একাত্ম হৈ থকা নাছিল। পিছে, তিৱা মহিলাৰ চৰিত্ৰত অভিনয় কৰা সুস্মিতা শইকীয়াৰ অভিনয় সমগ্ৰ ছবিখনতেই আটাইতকৈ ভাললগা বা স্বাভাৱিক অভিনয়। এক কথাত মুখনি মাৰিবলৈ হ’লে নেলীৰ কথা সম্পূৰ্ণকৈ এখন চলচ্চিত্ৰও নহ’ল আৰু সম্পূৰ্ণকৈ এখন তথ্যচিত্ৰও হৈ নুঠিল।
(লেখকৰ মেইল: [email protected])