• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

চিনেমা বাৰ্তা: নেলীৰ কথা

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
December 16, 2023 7:37 pm
Nellier Kotha The Nellie Story
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেলী ঠাইখনৰ নামটো হয়তো অকল অসমবাসীৰ বাবেই নহয়, বিশ্ববাসীৰ মাজতো অসমৰ এই সৰু ঠাইখনৰ নামটো কম-বেছি পৰিমাণে সকলোৰে বিদিত। ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীৰ দিনটোত তেতিয়াৰ অবিভক্ত নগাওঁ জিলাৰ নেলীত সংঘটিত হোৱা সমগ্ৰ দেশ কঁ‌পাই যোৱা নৰসংহাৰৰ স্পৰ্শকাতৰ ঘটনাৰ প্ৰায় চাৰিটা দশকৰ পিছত এই ঘটনা বিষয়ক নিৰ্মিত অসমীয়া চলচ্চিত্ৰ নেলীৰ কথাৰ বিষয়েই আজিৰ এই লিখা। গত ৮ ডিচেম্বৰ তাৰিখে কলকাতা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হৈ যোৱা এই ছবিখন বৰ্তমান অসমৰ ভিন্ন ছবিগৃহত চলি আছে।

নেলীৰ কথাৰ কাহিনী, চিত্ৰানাট্য আৰু পৰিচালনা পাৰ্থজিৎ বৰুৱাৰ। উল্লেখনীয় যে চলচ্চিত্ৰ সমালোচক তথা তথ্যচিত্ৰ নিৰ্মাতা পাৰ্থজিৎ বৰুৱাৰ এইখন প্ৰথমখন পূৰ্ণদৈঘ্যৰ ছবি। চিনেমাৰ আৰম্ভণি হয় বিশাল নীলাভ আকাশৰ দৃশ্যৰে। বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ৰাজীৱ পাটৰ(অৰ্ঘ্যদ্বীপ বৰুৱা)ৰ গৱেষণাৰ বিষয়বস্তু নিৰ্বাচনক কেন্দ্ৰ কৰি কাহিনীৰ আৰম্ভণি। মাজে মাজে নেলীৰ দুখৰীয়া ছবি। কিছুক্ষণৰ সংলাপহীন দৃশ্যাংশ চলে আৰম্ভণিত। তাৰপিছত কাহিনী আগবাঢ়ে। প্ৰথমেই উল্লেখ কৰিব লাগিব নেলীৰ কথাৰ কাহিনী আৰু চিত্ৰনাট্যৰ কথা।

Apply Now

কাহিনী তথা চিত্ৰানাট্যখনৰ যোগেদি কাহিনীকাৰে মূলতঃ দৰ্শকক কি দেখুৱাবলৈ বিচৰা হৈছে সেয়া সমগ্ৰ চিনেমাখনতেই অস্পষ্ট হৈ থাকিল। অৰ্থাৎ ছবিখনৰ মূল বিষয়বস্তু কি সেয়া অন্তিম দৃশ্য পৰ্যন্ত স্পষ্ট হৈ নুঠিল। ছবিখনৰ পিছৰ পৰ্যায়ত ইয়াৰ মূল বিষয়বস্তু বা উপজীব্য স্পষ্ট হ’ব হোৱাৰ পৰিৱৰ্তে অত্যধিক বৰ্ণনাধৰ্মীতাৰ প্ৰয়োগ হ’ল। তদুপৰি অতি মন্থৰ গতিত কাহিনী কথন চলি থাকে। কাহিনী আৰু চিত্ৰনাট্যৰ দুৰ্বলতাৰ বাবে ছবিখনে এঢাপ আগুৱাই পুনৰ ছন্দ হেৰুৱাই পেলায়। কোনোখিনিতেই পৰৱৰ্তী দৃশ্যাংশত কি ঘটিব বা দৰ্শকে দেখিবলৈ পাব, তাক লৈ কোনোধৰণৰ আগ্ৰহ বা উৎকন্ঠা জাগি নুঠে।

বহু সময়ত এখন তথ্যচিত্ৰ চাই থকাৰ দৰেই অনুভৱ হৈছিল যদিও হঠাতে মাজত আহি পৰা কিছুমান নাটকীয় দৃশ্যাই নেলীৰ কথাক তথ্যচিত্ৰ কৰিও নাৰাখিলে। ইমান এক স্পৰ্শকাতৰ বিষয় বা দুৰ্ঘটনাক লৈ কোনো পক্ষপাতিত্বমূলক স্থিতি যিহেতু নাছিলে ছবিখনত, কাহিনীটোক এক মসৃণ গতিশীলতা দিয়াৰ লগতে এক ছন্দোবদ্ধতা দিয়া হয় নেলীৰ কথাও এখন গুৰুত্বপূৰ্ণ তথা উপভোগ্য ছবি হৈ উঠাৰ সম্ভাৱনা আছিল। আৰু এনেবোৰ কাৰণতেই ছবিখনে কোনোধৰণৰ আৱেগৰেই উদ্ৰেক কৰিবলৈ সক্ষম নহ’ল, যাৰ বাবে ছবিখনৰ লগত কোনোধৰণে সংযুক্ত অনুভৱ কৰাও নগ’ল।

লগতেই চিনেমাখনত মূল কাহিনীৰ মাজত অপ্ৰয়োজনীয়ভাৱে কিছুমান দৃশ্যাংশ যোগ কৰা হৈছে, যিবোৰ দৃশ্যাংশই ছবিখনৰ দৈৰ্ঘ্য বৃদ্ধি কৰাৰ লগতে আমনিদায়কো কৰি তুলিছে। যেনে আৰম্ভণি আৰু শেষৰ অংশত অৰ্ঘ্যদ্বীপ বৰুৱাৰ, সুনয়না দত্তৰ সৈতে কথোপকথনৰ দৃশ্য তিনিটা, পাণবজাৰত কিতাপৰ দোকানত লেখক জন(মিন্টু বৰুৱা)ক লগ পাই হোৱা বাৰ্তালাপ, ৰুবেনাৰ লগত ‘মানুহে মানুহৰ বাবে’ গোৱা-এনেবোৰ দৃশ্যৰ কথা এইক্ষেত্ৰত উল্লেখ কৰিব পাৰি। সুমন দুৱৰাৰ চিনেমেট’গ্ৰাফীৰ কাম প্ৰশংসনীয়। শব্দগ্ৰহণ তথা শব্দ সংমিশ্ৰণৰ দিশ উন্নত। সম্পাদনাৰ দিশ কিছু দুৰ্বল।

নেলীৰ কথাৰ চৰিত্ৰ নিৰ্বাচনৰ কথা উল্লেখ কৰিব লাগিব। ছবিখনৰ প্ৰায়বোৰ চৰিত্ৰৰেই নিৰ্বাচন সমুচিত। যদিওবা মুখ্য চৰিত্ৰত অভিনয় কৰা অৰ্ঘ্যদ্বীপ বৰুৱাৰ অভিনয়ত তেওঁৰ পূৰ্বৰ অভিনীত ছবিৰ দৰে সহজ অভিনয় দেখিবলৈ পোৱা নগ’ল। বৰঞ্চ কিছু কিছু দৃশ্যত, বিশেষকৈ বিচলিত হোৱা বা উদ্বিগ্নতাত ভোগাৰ দৃশ্যত তেওঁৰ অভিনয় যথেষ্ট অসহজ আছিল বা চৰিত্ৰত একাত্ম হৈ থকা নাছিল। পিছে, তিৱা মহিলাৰ চৰিত্ৰত অভিনয় কৰা সুস্মিতা শইকীয়াৰ অভিনয় সমগ্ৰ ছবিখনতেই আটাইতকৈ ভাললগা বা স্বাভাৱিক অভিনয়। এক কথাত মুখনি মাৰিবলৈ হ’লে নেলীৰ কথা সম্পূৰ্ণকৈ এখন চলচ্চিত্ৰও নহ’ল আৰু সম্পূৰ্ণকৈ এখন তথ্যচিত্ৰও হৈ নুঠিল।

(লেখকৰ মেইল: [email protected])

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am
কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am
ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

July 15, 2026 8:23 am
কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

July 15, 2026 7:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am
কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd