চিনেমাখনৰ নামটি চিনেমাৰ মূখ্য চৰিত্ৰৰ নামেৰেই নামাংকৃত। তেলেগু ভাষাৰ এই ছবিখন যোৱা ১৯অক্টোবৰত মুক্তিলাভ কৰিছে। ছবিখনৰ পৰিচালনাৰ লগতে কাহিনী আৰু চিত্ৰনাট্য লিখিছে-চাৰুকেশ চেকৰে। মূখ্য ভূমিকাত অভিনয় কৰিছে-ঐশ্চৰ্যলক্ষ্মী(আম্মু) আৰু নভীন চন্দ্ৰই। গাৰ্হস্থ্য হিংসাক আলম কৰি নিৰ্মিত এখন উৎকন্ঠাময় ধাৰাৰ চিনেমা-আম্মু। ছবিখন দৰ্শকৰ বাবে এমেজন প্ৰাইমত উপলব্ধ।
গাৰ্হস্থ্য-হিংসা-নিশ্চয়কৈ আৰু মুঠেও নতুন বিষয় নহয়,বা এনে নহয় যে,গাৰ্হস্থ্য-হিংসাক কেন্দ্ৰ কৰি চিনেমা নিৰ্মাণ হোৱা নাই। ভাৰতীয় নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ শেহতীয়া তথ্য অনুসৰি ভাৰতৰ ৭৩৬ মিলিয়ন সংখ্যক নাৰী, নিজৰ জীৱন-সংগীৰ দ্বাৰাই কায়িক-মানসিক দুয়োধৰণে নিৰ্যাতিত হয়। পিছে অতি দুখজনকভাৱে,মুকলিকৈ প্ৰতিবাদ কৰা বা আইনৰ সহায় লোৱা নাৰীৰ সংখ্যাতকৈ নীৰৱে সহ্য কৰা নাৰীৰ সংখ্যা বহুগুণে বেছি, ৭৭% নাৰীয়েই মাথোঁ সহে।
এইখিনি তথ্য উল্লেখ কৰা জৰুৰী। আৰু এনেধৰণৰেই এগৰাকী সাধাৰণ নাৰী আম্মুৰ কাহিনীৰেই ছবিখন। ঘৰুৱাভাৱে আম্মুৰ সন্মতিতেই বিয়া হয় আৰক্ষী বিষয়া ৰবিৰ লগত। বিবাহৰ পিছৰ মধুৰতাখিনিয়ে আম্মুক উপচাই তোলে। ৰবি এজন দ্বায়িত্বশীল আৰক্ষী বিষয়া যিয়ে নাৰীকেন্দ্ৰিক অপৰাধৰ বিৰুদ্ধে এক মহিলা আৰক্ষীৰ তদাৰকী গোট গঠন কৰে।
লাহেকৈ কাহিনীয়ে ৰূপ সলায়।প্ৰেমিক ৰবিৰ প্ৰকৃত ছবিখন স্পষ্ট হৈ উঠে আচম্বিতে ৰবিয়ে আৰম্ভ কৰা দুৰ্ব্যৱহাৰৰ পৰা। মানসিকৰ পৰা কায়িক অত্যাচাৰত হতচকিত, কুন্ঠিত আম্মু নিশ্চুপ হৈ পৰে। মাকক ৰবিয়ে প্ৰহাৰ কৰাৰ কথা কওঁতে-মাকে আম্মুক হে প্ৰশ্ন কৰিলে যে আম্মুৱে কি ভুল কৰিছিল যাৰ বাবে ৰবিয়ে প্ৰহাৰ কৰিলে,পুৰুষৰ খঙ অলপ বেছি হোৱা স্বাভাৱিক! আৰু তাৰপিছত আম্মুক সন্তান জন্ম দি সহনশীলতাৰ পৰিচয় দিবলৈ উপদেশ দিলে!
এয়া এক সম্পূৰ্ণ সঁচা ছবি আমাৰ সমাজৰ। এই দৃশ্যাংশই এই সমাজ-ব্যৱস্থাকেই ভ্ৰূকুটি কৰিছে। প্ৰথমাৱস্থাত অতি শীতলভাৱে, সকলোধৰণৰ নিৰ্যাতন চলাই পিছত অতি মৰমিয়াল ৰূপ ধাৰণ কৰা ৰবিৰ মানসিক এই ক্ৰূৰতাক প্ৰদৰ্শন কৰিবলৈ প্ৰাৰম্ভিক অৱস্থাত খিৰিকিৰ আইনাৰ মাজেৰে ৰবিৰ চকুযুৰি দেখুওৱা হৈছে। ক্ৰমশঃ বাঢ়ি অহা দৈনিক নিৰ্যাতনত পিষ্ট আম্মু নিজৰ অলক্ষিতেই ৰবিৰ পিঞ্জৰাবদ্ধ হৈ পৰে।
সাধাৰণ নাৰী এগৰাকীয়ে যিদৰে এনেকৈ অমানুষিক নিৰ্যাতনৰ পিছতো ভয়,সংশয়,দোমোজাৰ মাজেৰে এই সম্পৰ্কৰ নামত নিৰ্যাতনখিনিৰ পৰা মুক্ত হ’বলৈ বাৰম্বাৰ থমকি ৰয়, আম্মুৰ চৰিত্ৰটিও ব্যতিক্ৰম নহয়। এই সাধাৰাণ নাৰী আম্মুৱে কি বাচি ল’ব-নিজস্ব মুক্ত জীৱন নে নিৰ্যাতন-ইয়াকে কেন্দ্ৰ কৰি চিনেমাৰ কাহিনীভাগ আগবাঢ়ে।
প্ৰথমাৰ্দ্ধৰ পৰাই নাটকীয়তাবিহীন সাৱলীল গতি কাহিনীৰ। প্ৰথমাৰ্দ্ধৰ মাজভাগৰ পৰাই আম্মুৰ যন্ত্ৰণাৰ সৈতে যিদৰে দৰ্শকক একাত্ম কৰিবলৈ পৰিচালক,কাহিনীকাৰ সক্ষম,ঠিক একেদৰেই ৰবিৰ চৰিত্ৰটিৰ প্ৰতি খঙ এটা উজাই আনিবলৈয়ো সক্ষম। প্ৰথমাৰ্দ্ধত মূল বিষয়বস্তুক গ্ৰহণযোগ্যতা প্ৰদান কৰাৰ পিছত দ্বিতীয়াৰ্দ্ধ পট পৰিৱৰ্তন। এক নতুন চৰিত্ৰ প্ৰভুৰ আগমণক ৰবি আৰু আম্মুৰ সৈতে সংযুক্ত কৰে।
ইয়াৰ পৰাই চিনেমাখনে এক উৎকন্ঠাময় ৰূপ লয়। শাৰিৰীক প্ৰহাৰত পিষ্ট,ভাৰাক্ৰান্ত আম্মুৱে প্লেটফৰ্মত বহি বিৰিয়ানি খাই খাই ভিক্ষাৰী এজনক নিজৰ কষ্টৰ কথা বিৱৰি কান্দি থকা দৃশ্যাংশ এক শক্তিশালী দৃশ্যাংশ। একদৰেই আম্মুৰ পুঞ্জীভূত খঙ,অস্থিৰতাক ঘৰ চাফা কৰা,শাক কটা আদি দৃশ্যৰে প্ৰদৰ্শন কৰা হৈছে।
অপূৰ্ব অনিলৰ আলোকশিল্পৰ কাম ভাল,দুয়োৰে প্ৰথম বাদানুবাদৰ সময়ত নিশাৰ পথত বৰষুণ আৰু স্ত্ৰীট লাইটৰ ধূসৰ পোহৰৰ ব্যৱহাৰ,উদ্বেগজনক,কৌতূহলপূৰ্ণ পৰিস্থিতিত আইনাত প্ৰতিফলনৰ ব্যৱহাৰ উল্লেখনীয়। শেষাৰ্ধত আম্মু আৰু ৰবিৰ মাজৰ শীতল বাকযুদ্ধত কেমেৰা দুয়োৰে চৌদিশে ঘূৰি থাকে, শেষাংশৰ চকুৰ পলক পেলাব নোৱাৰা বিধৰ উৎকন্ঠাৰ সঠিক চিত্ৰায়ন। অৰ্থাৎ উৎকন্ঠা,উত্তেজনা বৃদ্ধিত পৰিচালক,আলোকশিল্পকাৰ দুয়ো সফল। ভাৰত শংকৰৰ আৱহ-সংগীত সম্পূৰ্ণৰূপে পৰিস্থিতি সাপেক্ষ।
আম্মুৰ আটাইতকৈ আকৰ্ষণীয় অংশটিয়েই হৈছে আম্মু নিজেই। ঐশ্চৰ্যলক্ষ্মীৰ সংলাপৰ তুলনাৰ দেহভংগীমাতেই আধাতকৈ বেছি পৰিপক্ক আৰু সম্পূৰ্ণ স্বাভাৱিক অভিনয়। লগতেই ৰবিৰ চৰিত্ৰত অভিনয় কৰা নভীন চন্দ্ৰৰ অভিনয়ো শলাগিবলগীয়। সংবেদনশীল বিষয়বস্তুক উৎকন্ঠাৰ মাজেৰ এক অন্য ৰূপ দিয়া এই ছবিখন গাৰ্হস্থ্য-হিংসাৰ বলি হোৱা, হৈ থকা প্ৰতিগৰাকী নাৰী আৰু সকলো পুৰুষে চোৱা উচিত।
(লেখিকাৰ মেইল[email protected])