• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাৰ্হস্থ্য হিংসাৰ আধাৰত নিৰ্মিত এখন জ্বলন্ত ছবি-আম্মু

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
October 29, 2022 2:56 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিনেমাখনৰ নামটি চিনেমাৰ মূখ্য চৰিত্ৰৰ নামেৰেই নামাংকৃত। তেলেগু ভাষাৰ এই ছবিখন যোৱা ১৯অক্টোবৰত মুক্তিলাভ কৰিছে।  ছবিখনৰ পৰিচালনাৰ লগতে কাহিনী আৰু চিত্ৰনাট্য লিখিছে-চাৰুকেশ চেকৰে। মূখ্য ভূমিকাত অভিনয় কৰিছে-ঐশ্চৰ্যলক্ষ্মী(আম্মু) আৰু নভীন চন্দ্ৰই। গাৰ্হস্থ্য হিংসাক আলম কৰি নিৰ্মিত এখন উৎকন্ঠাময় ধাৰাৰ চিনেমা-আম্মু। ছবিখন দৰ্শকৰ বাবে এমেজন প্ৰাইমত উপলব্ধ।

গাৰ্হস্থ্য-হিংসা-নিশ্চয়কৈ আৰু মুঠেও নতুন বিষয় নহয়,বা এনে নহয় যে,গাৰ্হস্থ্য-হিংসাক কেন্দ্ৰ কৰি চিনেমা নিৰ্মাণ হোৱা নাই। ভাৰতীয় নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ শেহতীয়া তথ্য অনুসৰি ভাৰতৰ ৭৩৬ মিলিয়ন সংখ্যক নাৰী, নিজৰ জীৱন-সংগীৰ দ্বাৰাই কায়িক-মানসিক দুয়োধৰণে নিৰ্যাতিত হয়। পিছে অতি দুখজনকভাৱে,মুকলিকৈ প্ৰতিবাদ কৰা বা আইনৰ সহায় লোৱা নাৰীৰ সংখ্যাতকৈ নীৰৱে সহ্য কৰা নাৰীৰ সংখ্যা বহুগুণে বেছি, ৭৭% নাৰীয়েই মাথোঁ সহে।

Apply Now

এইখিনি তথ্য উল্লেখ কৰা জৰুৰী। আৰু এনেধৰণৰেই এগৰাকী সাধাৰণ নাৰী আম্মুৰ কাহিনীৰেই ছবিখন। ঘৰুৱাভাৱে আম্মুৰ সন্মতিতেই বিয়া হয় আৰক্ষী বিষয়া ৰবিৰ লগত। বিবাহৰ পিছৰ মধুৰতাখিনিয়ে আম্মুক উপচাই তোলে। ৰবি এজন দ্বায়িত্বশীল আৰক্ষী বিষয়া যিয়ে নাৰীকেন্দ্ৰিক অপৰাধৰ বিৰুদ্ধে এক মহিলা আৰক্ষীৰ তদাৰকী গোট গঠন কৰে।

লাহেকৈ কাহিনীয়ে ৰূপ সলায়।প্ৰেমিক ৰবিৰ প্ৰকৃত ছবিখন স্পষ্ট হৈ উঠে আচম্বিতে ৰবিয়ে আৰম্ভ কৰা দুৰ্ব্যৱহাৰৰ পৰা। মানসিকৰ পৰা কায়িক অত্যাচাৰত হতচকিত, কুন্ঠিত আম্মু নিশ্চুপ হৈ পৰে। মাকক ৰবিয়ে প্ৰহাৰ কৰাৰ কথা কওঁতে-মাকে আম্মুক হে প্ৰশ্ন কৰিলে যে আম্মুৱে কি ভুল কৰিছিল যাৰ বাবে ৰবিয়ে প্ৰহাৰ কৰিলে,পুৰুষৰ খঙ অলপ বেছি হোৱা স্বাভাৱিক! আৰু তাৰপিছত আম্মুক সন্তান জন্ম দি সহনশীলতাৰ পৰিচয় দিবলৈ উপদেশ দিলে!

এয়া এক সম্পূৰ্ণ সঁ‌চা ছবি আমাৰ সমাজৰ। এই দৃশ্যাংশই এই সমাজ-ব্যৱস্থাকেই ভ্ৰূকুটি কৰিছে। প্ৰথমাৱস্থাত অতি শীতলভাৱে, সকলোধৰণৰ নিৰ্যাতন চলাই পিছত অতি মৰমিয়াল ৰূপ ধাৰণ কৰা ৰবিৰ মানসিক এই ক্ৰূৰতাক প্ৰদৰ্শন কৰিবলৈ প্ৰাৰম্ভিক অৱস্থাত খিৰিকিৰ আইনাৰ মাজেৰে ৰবিৰ চকুযুৰি দেখুওৱা হৈছে। ক্ৰমশঃ বাঢ়ি অহা দৈনিক নিৰ্যাতনত পিষ্ট আম্মু নিজৰ অলক্ষিতেই ৰবিৰ পিঞ্জৰাবদ্ধ হৈ পৰে।

সাধাৰণ নাৰী এগৰাকীয়ে যিদৰে এনেকৈ অমানুষিক নিৰ্যাতনৰ পিছতো ভয়,সংশয়,দোমোজাৰ মাজেৰে এই সম্পৰ্কৰ নামত নিৰ্যাতনখিনিৰ পৰা মুক্ত হ’বলৈ বাৰম্বাৰ থমকি ৰয়, আম্মুৰ চৰিত্ৰটিও ব্যতিক্ৰম নহয়। এই সাধাৰাণ নাৰী আম্মুৱে কি বাচি ল’ব-নিজস্ব মুক্ত জীৱন নে নিৰ্যাতন-ইয়াকে কেন্দ্ৰ কৰি চিনেমাৰ কাহিনীভাগ আগবাঢ়ে।

প্ৰথমাৰ্দ্ধৰ পৰাই নাটকীয়তাবিহীন সাৱলীল গতি কাহিনীৰ। প্ৰথমাৰ্দ্ধৰ মাজভাগৰ পৰাই আম্মুৰ যন্ত্ৰণাৰ সৈতে যিদৰে দৰ্শকক একাত্ম কৰিবলৈ পৰিচালক,কাহিনীকাৰ সক্ষম,ঠিক একেদৰেই ৰবিৰ চৰিত্ৰটিৰ প্ৰতি খঙ এটা উজাই আনিবলৈয়ো সক্ষম। প্ৰথমাৰ্দ্ধত মূল বিষয়বস্তুক গ্ৰহণযোগ্যতা প্ৰদান কৰাৰ পিছত দ্বিতীয়াৰ্দ্ধ পট পৰিৱৰ্তন। এক নতুন চৰিত্ৰ প্ৰভুৰ আগমণক ৰবি আৰু আম্মুৰ সৈতে সংযুক্ত কৰে।

ইয়াৰ পৰাই চিনেমাখনে এক উৎকন্ঠাময় ৰূপ লয়। শাৰিৰীক প্ৰহাৰত পিষ্ট,ভাৰাক্ৰান্ত আম্মুৱে প্লেটফৰ্মত বহি বিৰিয়ানি খাই খাই ভিক্ষাৰী এজনক নিজৰ কষ্টৰ কথা বিৱৰি কান্দি থকা দৃশ্যাংশ এক শক্তিশালী দৃশ্যাংশ। একদৰেই আম্মুৰ পুঞ্জীভূত খঙ,অস্থিৰতাক ঘৰ চাফা কৰা,শাক কটা আদি দৃশ্যৰে প্ৰদৰ্শন কৰা হৈছে।

 অপূৰ্ব অনিলৰ আলোকশিল্পৰ কাম ভাল,দুয়োৰে প্ৰথম বাদানুবাদৰ সময়ত নিশাৰ পথত বৰষুণ আৰু স্ত্ৰীট লাইটৰ ধূসৰ পোহৰৰ ব্যৱহাৰ,উদ্বেগজনক,কৌতূহলপূৰ্ণ পৰিস্থিতিত আইনাত প্ৰতিফলনৰ ব্যৱহাৰ উল্লেখনীয়। শেষাৰ্ধত আম্মু আৰু ৰবিৰ মাজৰ শীতল বাকযুদ্ধত কেমেৰা দুয়োৰে চৌদিশে ঘূৰি থাকে, শেষাংশৰ চকুৰ পলক পেলাব নোৱাৰা বিধৰ উৎকন্ঠাৰ সঠিক চিত্ৰায়ন। অৰ্থাৎ উৎকন্ঠা,উত্তেজনা বৃদ্ধিত পৰিচালক,আলোকশিল্পকাৰ দুয়ো সফল। ভাৰত শংকৰৰ আৱহ-সংগীত সম্পূৰ্ণৰূপে পৰিস্থিতি সাপেক্ষ।

আম্মুৰ আটাইতকৈ আকৰ্ষণীয় অংশটিয়েই হৈছে আম্মু নিজেই। ঐশ্চৰ্যলক্ষ্মীৰ সংলাপৰ তুলনাৰ দেহভংগীমাতেই আধাতকৈ বেছি পৰিপক্ক আৰু সম্পূৰ্ণ স্বাভাৱিক অভিনয়। লগতেই ৰবিৰ চৰিত্ৰত অভিনয় কৰা নভীন চন্দ্ৰৰ অভিনয়ো শলাগিবলগীয়। সংবেদনশীল বিষয়বস্তুক উৎকন্ঠাৰ মাজেৰ এক অন্য ৰূপ দিয়া এই ছবিখন গাৰ্হস্থ্য-হিংসাৰ বলি হোৱা, হৈ থকা প্ৰতিগৰাকী নাৰী আৰু সকলো পুৰুষে চোৱা উচিত।

 (লেখিকাৰ মেইল[email protected])

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd