উত্তৰ ত্ৰিপুৰাৰ বাগবাসাত ট্ৰাক-বাইকৰ মুখামুখী সংঘৰ্ষত যুৱকৰ মৃত্যু

01

উত্তৰ ত্ৰিপুৰাৰ বাগবাসা আৰক্ষী চকীৰ অন্তৰ্গত বাগবাসা পেট্ৰল পাম্পৰ ওচৰত সংঘটিত এটা ভয়াবহ পথ দুৰ্ঘটনাত এজন যুৱকে প্ৰাণ হেৰুৱাইছে। নিহত যুৱকজনক জৈথাং পঞ্চায়তৰ অন্তৰ্গত টংচেৰা এলেকাৰ বাসিন্দা জেথা ৰাই ৰিয়াং বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ বিৱৰণি অনুসৰি, নিহত যুৱকজনক এখন ট্ৰাকে খুন্দিয়াই নিহত কৰে। বাগবাসাৰ ফালে আহি থকা KA 01 C 9534 নম্বৰত পঞ্জীয়নভুক্ত এখন ১২ চকাযুক্ত ট্ৰাকে শনিচেৰাৰ পৰা চুড়াইবাড়ী অভিমুখে আহি থকা TR05-9855 নম্বৰত পঞ্জীয়নভুক্ত এখন বাইকক মুখামুখাকৈ খুন্দা মাৰে। ফলত বাইক আৰোহী জেথা ৰাই ৰিয়াঙৰ ঘটনাস্থলীতেই মৃত্যু ঘটে।

দুৰ্ঘটনাৰ বাৰ্তা লাভ কৰি অগ্নি নিৰ্বাপক বাহিনীৰ লোকৰ এটা গোটৰ সৈতে বাগবাসা আৰক্ষী চকীৰ পৰা এটা আৰক্ষীৰ লোকৰ দল আহি ঘটনাস্থলীত আহি উপস্থিত হয় আৰু মৃতদেহটো সমজি লয়।

ইতিমধ্যে ট্ৰাক চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে ট্ৰাকখন দুৰ্ঘটনাস্থলীৰ পৰা জব্দ কৰে। বৰ্তমান বাগবাসা আৰক্ষীয়ে ঘটনাৰ এটা বিভাগীয় তদন্ত আৰম্ভ কৰিছে।