পকীত দলঙত বাঁহৰ ৰেলিং! মৰণ ফান্দত পৰিণত আমনিৰ ৰাজপথত থকা এখন গুৰুত্বপূৰ্ণ দলং

বাঁহৰ ৰেলিঙেৰে আৱৰা দলংখনেৰে অতি বিপদসংকুলভাৱে নিতৌ যাতায়াত কৰিবলৈ বাধ্য হৈছে উজনি-নামনিৰ লক্ষাধিক যাত্ৰী, নিৰ্বিকাৰ সংশ্লিষ্ট গড়কাপ্তানি বিভাগ, কাণসাৰ নাই মন্ত্ৰী-বিধায়কৰ

সম্প্ৰতি মৰণ ফান্দত পৰিণত হৈছে ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ অধীনৰ একাংশ অতি গুৰুত্বপূৰ্ণ পকী দলং।

তাৰেই যেন প্ৰত্যক্ষ প্ৰমাণ দাঙি ধৰিছে নগাঁও জিলাৰ চামগুৰিৰ এখন বিধ্বস্তপ্ৰায় পকী দলঙে।

গড়কাপ্তানি বিভাগৰ চুড়ান্ত হেমাহিৰ বাবে চামগুৰিৰ আমনিৰ মাজেৰে পাৰহৈ যোৱা অতি ব্যস্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত থকা পকী যদিও জৰাজীৰ্ণ দলংখনে ভাবুকি কঢ়িয়াই আনিছে পথ চোৱাৰে দিনে-নিশাই যাতায়াত কৰা অজস্ৰ যান-বাহনৰ লগতে লক্ষাধিক যাত্ৰীলৈ।

দ্বিজু নৈৰ ওপৰত থকা দলংখনত পকী ৰেলিংৰ বিপৰীতে বিগত প্ৰায় দুবছৰ ধৰি প্ৰশাসনে লগাই ৰাখিছে কেৱল মাত্ৰ কেইডালমান শুকান বাঁহহে।

যিসমূহ বাঁহ এতিয়া পচি যোৱাত দলংখন ঠায়ে-ঠায়ে ৰেলিং বিহীন হৈ পৰাত অতি বিপদসঙ্কুল হৈ পৰা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে, বিগত বছৰসমূহত পৃথকে পৃথকে বহু কেইটা ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈ দলংখনৰ কেইবাটাও অংশৰ ৰেলিং ভাঙি পেলাইছিল।

বাঁহৰ ৰেলিঙেৰে চলি থকা ৰাষ্ট্ৰীয় ঘাইপথৰ দলংখন

অতদিনে প্ৰশাসন তথা সংশ্লিষ্ট গড়কাপ্তানি বিভাগে বিধ্বস্ত দলংখন মেৰামতি কৰাত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত এতিয়া চুড়ান্ত ভাবে অসন্তুষ্টি ব্যক্ত কৰিছে স্থানীয় ৰাইজ তথা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ স্থানীয় একাংশ বিষয়ববীয়াই।

চকু মুদা কুলিৰ ভাও ধৰি নিতৌ আমনিৰ বিধ্বস্ত দলংখনৰ ওপৰেৰে পাৰ হৈ থকা ৰাজ্যখনৰ মন্ত্ৰী-বিধায়ক সকলৰ প্ৰতি চুড়ান্ত ভাবে ক্ষোভ উজাৰিছে বৃহত্তৰ অঞ্চলটোৰ সচেতন মহলে।

ইফালে কেৱল ৰেলিং ভগায়ে নহয়, দলংখনৰ সোঁমাজতো সৃষ্টি হৈছে বহু কেইটা গাঁত। যাৰবাবে এতিয়া দ্ৰুতবেগেৰে যান-বাহন অহৰহ চলাচল কৰি থকা দলংখনৰে নিতৌ পাৰ হ’বলৈ শংকিত হৈ পৰা দেখা গৈছে স্কুল-কলেজৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীকে ধৰি পথচাৰী তথা চাইকেল অথবা মটৰ চাইকেল আৰোহী।

শীঘ্ৰে অতি গুৰুত্বপূৰ্ণ ৰাজপথৰ ওপৰত থকা জৰাজীৰ্ণ দলংখনৰ উপযুক্ত মেৰামতি কৰি যাতায়াত উপযোগী কৰি তুলিবলৈ পৰিৱৰ্তনকামী চৰকাৰখনৰ ওচৰত দাবী জনাইছে আটছাৰ স্থানীয় নেতৃবৰ্গই।

অন্যথা আনাগত দিনত আটছাই সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে আমনিৰ ৰাজপথত তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিছে সংবাদ মাধ্যমৰ জৰিয়তে।