NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ সংহাৰৰ মাজতে কংগোত সপ্তাহটোৰ ভিতৰত ইবোলাত দুগৰাকী ব্যক্তিৰ মৃত্যু; চিন্তিত বিশ্ব স্বাস্থ্য সংস্থা

February 11, 2021 8:01 pm · এন ই নাও নিউজ
Updated: February 11, 2021 8:02 pm

সমগ্ৰ বিশ্বজুৰি ক’ৰ’নাৰ ভয়াবহ সংক্ৰমণ চলি থকাৰ সময়ত আফ্ৰিকা মহাদেশত পুনৰ আৰম্ভ হৈছে মাৰাত্মক ইবোলাৰ সংহাৰ।

বুধবাৰে আফ্ৰিকা মহাদেশৰ ডেমোক্ৰেটিক ৰিপাব্লিক অফ কংগোত সপ্তাহটোত দ্বিতীয়গৰাকী ব্যক্তিৰ ইবোলাৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।

কংগোৰ পূব প্ৰান্তত পুনৰ এগৰাকী ব্যক্তিৰ ভয়াবহ ইবোলাৰ ফলত মৃত্যু হোৱা বুলি জানিব  পৰা গৈছে।

সাত মাহ পূৰ্বে কংগোত সংহাৰী ইবোলাৰ ফলত অন্তিমগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ পাছত পুনৰ একেলগে দুগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ বাতৰিয়ে সকলোকে আতংকিত কৰি তুলিছে।

বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা অনুসৰি বৰ্তমানলৈ কংগোত ইবোলাৰ গণ সংক্ৰমণ আৰম্ভ হোৱা নাই আৰু পৰিস্থিতি স্বাভাৱিক হৈয়ে আছে।

বিশ্ব স্বাস্থ্য সংস্থাই পৰিস্থিতি বৰ্তমানলৈ স্বাভাৱিক হৈ থকা বুলি উল্লেখ কৰিলেও ক’ৰ’নাৰ সমান্তৰালভাৱে ইবোলাক লৈ সতৰ্ক হৈ থাকিবলৈ কংগোৰ প্ৰশাসনক আহ্বান জনাইছে।

Related News