• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মানুহে মানুহৰ বাবে; লকডাউনত আৰ্তজনৰ কাষত শিৱসাগৰৰ একাংশ সমাজ সচেতন ব্যক্তি

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
April 9, 2020 2:54 pm
photocollage_20204911231341

ফটো: নৰ্থইষ্ট নাও

3.6k
VIEWS
Share on FacebookShare on Twitter

দেশত এতিয়া কৰ’না আতংক।  দৈনিক বৃদ্ধি পাব ধৰিছে কৰ’নাভাইৰাছ সংক্ৰমণৰ সংখ্যা। যাৰ বাবে এতিয়া সমগ্ৰ ভাৰতত চলি আছে লকডাউন। লকডাউনে আজি ১৭ টা দিন অতিক্ৰম কৰিলে।

কিন্তু এই লকডাউনৰ সময়ত দৰিদ্ৰ তথা দিন হাজিৰা কৰি খোৱা লোকসকলৰ মাজত এমুঠি খাদ্যৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

এনে এক সময়তে শিৱসাগৰৰ একাংশ সমাজ সচেতন ব্যক্তি ওলাই আহিছে আৰ্তজনৰ কাষলৈ। প্ৰতিগৰাকী দৰিদ্ৰ তথা দিন হাজিৰা কৰি জীৱন নিৰ্ৱাহ কৰা ব্যক্তিক এই মহা সংকটৰ সময়তএমুঠি খাদ্য যোগান ধৰি মানৱতাৰ পৰিচয় দাঙি ধৰিছে।

আজি বুৰঞ্জী প্ৰসিদ্ধ কাথপাৰ গাঁৱৰ কেইগৰাকীমান মহিলা আৰু যুৱক-যুৱতীয়ে নিজা প্ৰচেষ্টাৰে অঞ্চলটোৰ প্ৰায় এশঘৰ মানুহক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী চাউল, দাইল, আলু, পিয়াজ, মিঠাতেল,নিমখ,মুড়ি আদি বিতৰণ কৰে।

লকডাউনৰ সম্পূৰ্ণ চৰকাৰী নীতি-নিৰ্দেশনা মানি চলি আৰু সামাজিক দূৰত্ব বজাই ৰাখি ঘৰে ঘৰে গৈ আৰ্তজনক অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা কাৰ্যক সমগ্ৰ অঞ্চলবাসীয়ে প্ৰশংসা কৰে।

সমাজ সেৱিকা কল্পনা দত্তৰ নেতৃত্বত অঞ্জলি দত্ত, জেনালী গগৈ, বিদ্যাৱতী বৰুৱা, সোমেন দুৱৰা আৰু অভিনৱ দত্তৰ ব্যক্তিগত প্ৰচেষ্টাত এই মহান কাৰ্য কৰা হয়।

অনাগত দিনত অঞ্চলটোৰ প্ৰায় তিনিশ ঘৰ পৰিয়ালক তেওঁলোকে সাহায্য প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে।

ইফালে বিত্ত তথা স্বাস্থ্য মন্ত্ৰীৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ষ্টাৰ্ফ নাৰ্চ গীতুমণি হাজৰিকাই নিজ অঞ্চল জয়সাগৰৰ পাঁচটা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।

উল্লেখ্য যে বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন চৰকাৰী চাকৰিয়ালক নিজ নিজ অঞ্চলৰ পাঁচটা দুখীয়া পৰিয়ালক সহায় কৰিবলৈ আহ্বান জনাইছিল।মন্ত্ৰীজনৰ এই আহ্বানক প্ৰায় সংখ্যক কৰ্মচাৰীয়ে আখৰে আখৰে পালন কৰা দেখা গৈছে।

আনহাতে, আমগুৰিৰ বৰাহীবাৰী ৰঙালী বিহু উদযাপন সমিতিয়ে বৰাহীবাৰী গাঁও পঞ্চায়তৰ প্ৰায় ১৪৫ টা দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা ১৪৫ টা পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে। এই কাৰ্যত হালোৱাটিং থানাৰ ভাৰপ্ৰাপ্ত  আৰক্ষী বিষয়াৰ লগতে আন আন আৰক্ষীয়েও সহযোগ কৰে।

জিলাখনৰ বিভিন্ন ব্যক্তিয়ে জিলা উপায়ুক্তৰ জড়িয়তে মুখ্য মন্ত্ৰী আৰোগ্য নিধিলৈ বৰঙণি আগবঢ়াইছে। জিলা খনৰ যুৱ ব্যৱসায়ী হৰিপ্ৰশন্ন হাজৰিকাই ১ লাখ টকা, পুলিন গায়নে ১ লাখ টকা, ৰাজভূষণ গগৈয়ে ৫০০০০ টকা, প্ৰসেনজিত বৰুৱাই ৫০০০ টকাৰ বৰঙণি আগবঢ়াই মহানুভৱতাৰ পৰিচয় দাঙি ধৰে।

Tags: COVID-19

Recent News

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd