• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্সত শ্ৰীমন্ত শংকৰদেৱ বিষয়ক মনোজ্ঞ আলোচনা চক্ৰ সম্পন্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2022 12:14 pm
186
VIEWS
Share on FacebookShare on Twitter

Seminar on Srimanta Sankardeva held at GIPS অসমীয়া জাতীয় জীৱনৰ প্ৰাণ স্পন্দন স্বৰূপ, সমাজ সংগঠক তথা বৃহত্তৰ অসমীয়া জাতিৰ প্ৰতিস্থাপক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত উৎসৰ্গিত “Scientific Thoughts of Srimanta Sankardeva in Social Cohesion” অৰ্থাৎ “সামাজিক সমন্বয়ত শ্ৰীমন্ত শংকৰদেৱৰ বৈজ্ঞানিক চিন্তা-চেতনা” শীৰ্ষক এখনি আলোচনা চক্ৰ গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স প্ৰতিষ্ঠান চৌহদত প্ৰতিষ্ঠানখনিৰ সাংস্কৃতিক সংঘৰ আতিথ্যত যোৱা ১৬ চেপ্তেম্বৰ তাৰিখে অনুষ্ঠিত হৈ যায়।

শ্ৰীমন্ত শংকৰদেৱক অকল ধৰ্ম প্ৰচাৰক বা‌ ধৰ্ম গুৰু হিচাপেই আৱদ্ধ নাৰাখি তেওঁৰ চিন্তা-চেতনা, সৃষ্টি তথা কৰ্মৰাজিৰ বিভিন্ন দিশসমূহৰ বিজ্ঞানসন্মত বিশ্লেষণ তথা সামাজিক সমন্বয় আৰু উত্তৰণত মহাপুৰুষগৰাকীৰ বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ ওপৰত আলোকপাত কৰাৰ উদ্দেশ্যে আলোচনা চক্ৰখনি আয়োজন কৰা হয়।

এই অনুষ্ঠানত বিশিষ্ট অতিথি তথা সমল ব্যক্তি হিচাবে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড: প্ৰাঞ্জল শৰ্মা বশিষ্ঠ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ যন্ত্ৰ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড: দেৱাশীষ শ‌ইকীয়া আৰু পূব বংশৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড: উৎপল নাৰায়ণ গোস্বামী।

শ্ৰীমন্ত শংকৰ একাডেমীৰ পৰিচলনা সমিতিৰ সভাপতি ৰাতুল দাসে বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰা অনুষ্ঠানটিত নিমন্ত্ৰিত অতিথিসকলক উদ্দেশ্য আদৰণি ভাষণ আগবঢ়ায় শংকৰ জ্যোতি বৈশ্য‌ই।

আলোচনা চক্ৰ খনিত ড:প্ৰাঞ্জল শৰ্মাৰ “”An ecocrtical evaluation of Sankardeva’s Poetry “,  ড: দেৱাশীষ শ‌ইকীয়াৰ ” The Philosophy and Scientific Thoughts of Sri Manta Sankardeva”, লগতে ড: উৎপল নাৰায়ণ গোস্বামীৰ ”  Scientific Perspective of Maati Akhora in Satriya Dance: A Performance” আদি বিষয় কেইটাৰ ওপৰত বিস্তৃত আলোচনা দাঙি ধৰা হয়।

আলোচনা চক্ৰ খনিত  উৎপল নাৰায়ণ গোস্বামী আৰু তেওঁৰ দ্বাৰা পৰিচালিত এটি সাংস্কৃতিক দলে মাটি আখৰাৰ বিজ্ঞানসন্মত কাৰণবোৰ বিশ্লেষণ কৰি এটি উচ্চ পৰ্যায়ৰ live demonstration সকলোৰে আগত প্ৰদৰ্শন কৰি আলোচনা চক্ৰখনিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। উল্লেখযোগ্য যে উৎপল নাৰায়ণ গোস্বামী আৰু তেখেতৰ দলটি সংগীত নাটক অকাডেমীৰ আমন্ত্ৰিত সাংস্কৃতিক শিল্পী।

সমল ব্যক্তি ৰূপে উপস্থিত আটাইকেইজন ব্যক্তিয়ে আলোচনা চক্ৰখনিত উপস্থিত প্ৰত্যেক ব্যক্তিবিশেষ, প্ৰতিষ্ঠানৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী সকলোকে মোহাছন্ন কৰি ৰাখে আৰু শংকৰদেৱ গুৰুজনাৰ বিজ্ঞান মনস্তাত্বিকতাক এক সম্যক ৰূপত উপস্থাপন কৰে।

শেষত  প্ৰতিষ্ঠানখনিৰ সহযোগী অধ্যাপক তথা সাংস্কৃতিক সংঘৰ সময়ক ড: স্মৃতি ৰেখা ছন্দ দাসে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে  আমন্ত্ৰিত অতিথি প্ৰমূখ্যে উপস্থিত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি শলাগৰ শৰাই আগবঢ়ায়।

Recent News

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd